ETV Bharat / state

ডিমৌত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজনে

ডিমৌৰ সমীপৰ শুকান পুখুৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ মটৰ চাইকেল আৰু স্কুটিৰ মাজত হোৱা মুখামুখি সংঘর্ষৰ ফলত নিহত দুজন ৷ এম্বুলেঞ্চ অহাত পলম হোৱাত ক্ষুব্ধ ৰাইজৰ এম্বুলেঞ্চত আক্ৰমণ ৷

ডিমৌত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত 2 জন
ডিমৌত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত 2 জন
author img

By

Published : Apr 15, 2021, 9:15 AM IST

ডিমৌ, 15 এপ্ৰিল : শিৱসাগৰ জিলাৰ ডিমৌৰ সমীপৰ শুকান পুখুৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ স্থানীয় লোকে সদৰি কৰা মতে মটৰ চাইকেল আৰু স্কুটিৰ মাজত হোৱা মুখামুখি সংঘর্ষৰ ফলত থিতাতে নিহত হয় 2 জন লোক ৷ ইয়াৰ লগতে গুৰুতৰভাৱে আহত হয় তিনিজন লোক ৷ ৷ বাহন দুখনৰ নম্বৰ হৈছে AS 04X 9629 আৰু AS 04Q 9479 ৷ নিহত লোক দুজন শুকান পুখুৰীৰ গায়ন গাঁৱৰ অনিৰ্বাণ শইকীয়া আৰু দিচাং ৰজাবাৰীৰ সঞ্জয় দাস ৷

উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত হোৱা পাচতে স্থানীয় লোকে ততাতৈয়াকৈ এম্বুলেঞ্চৰ বাবে যোগাযোগ কৰিছিল যদিও ঘটনাস্থলী আহি পোৱাত পলম কৰে ৷ এই পৰিপেক্ষিততে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় উক্ত অঞ্চলটোত ৷ একাংশ লোকে এম্বুলেঞ্চৰ গ্লাছ ভঙাৰ লগতে উত্তপ্ত কৰি তোলে ডিমৌ আদৰ্শ চিকিৎসালয়ৰ চৌহদ ৷

ইফালে দুৰ্ঘটনাত আহত হোৱা দুজন লোক ডিমৌ আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বিপৰীতে আন এজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক: ক’ভিডৰ বিৰুদ্ধে মোডীৰ নতুন অভিযান "জনভাগীদাৰী"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.