আমগুৰি,৭ মে’ঃ শিৱসাগৰ জিলাৰ আমগুৰিৰ বাঘজান চাহ বাগিচাত খাদ্য সংকটৰ সন্মুখীন দুটা পৰিয়াল ৷ চাহ বাগিচাখনৰ পকা লাইনৰ বাসিন্দা বিনোদ মিৰ্ধা আৰু সৰ্বন মিৰ্ধাৰ পৰিয়ালৰ ক্ষেত্ৰত সংঘটিত হৈছে এই ঘটনা ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বিগত ছদিনে পৰিয়াল দুটাক হোম কোৱাৰেণ্টাইনত ৰখা বাগিচা কৰ্তৃপক্ষই কোনো ধৰণৰ খাদ্য সামগ্ৰী, খোৱাপানী আদি যোগান নধৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়াল দুটাই ৷
ইপিনে, পৰিয়াল দুটা বাসগৃহতে বন্দী হোৱাত মানসিকভাৱে ভাঙি পৰাৰ উপক্ৰম হৈছে ৷ এইক্ষেত্ৰত প্ৰশাসনে গ্ৰহণ কৰা নাই কোনো ধৰণৰ ব্যৱস্থা ৷ সেয়ে পৰিয়াল দুটাক অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ আমগুৰি আঞ্চলিক সমিতিয়ে কিছু খাদ্য সামগ্ৰী যোগান ধৰি বিষয়টো প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাৰ চেষ্টা কৰে ৷
উল্লেখ্য যে, পৰিয়াল দুটাৰ কোকৰাঝাৰৰ পৰা অহা আত্মীয় এজনে এনিশা কটোৱাৰ বাবে বাগিচা কৰ্তৃপক্ষই Covid 19 ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি হোম কোৱাৰেণ্টাইনত ৰাখে পৰিয়াল দুটাক । বাগিচা কৰ্তৃপক্ষই এনেদৰে কোনো খাদ্য সামগ্ৰী যোগন নধৰাৰ লগতে স্বাস্থ্য পৰীক্ষা নকৰাত পৰিয়াল দুটাৰ ওপৰত একপ্ৰকাৰ মানসিক নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ উক্ত ঘটনা পোহৰলৈ অহাৰ পিছতে বাগিচা কৰ্তৃপক্ষৰ এনে অমানৱীয় কাণ্ডৰ তদন্ত কৰিবলৈ প্ৰশাসনক দাবী জনাইছে কেইবাটাও স্থানীয় দল-সংগঠনে ।
লগতে চাওকঃ সমষ্টি পুনৰ নিৰ্ধাৰণ কমিটিৰ বাবে নাম প্ৰেৰণ পাঁচ বিধায়কৰ