আমগুৰি,8 এপ্ৰিল: অসমৰ পাহাৰে-ভৈয়ামে উভৈনদী ৰূপত থকা বিভিন্ন জাতিৰ বাঁহ-বেতেৰে তৈয়াৰ কৰা হয় অসমীয়া জাতীয় জীৱনৰ নিত্য প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী। পুৰণি কালৰে পৰা অৰ্থাৎ অৰণ্য এৰি কৃষিমুখী হোৱাৰ দিনৰে পৰাই অসমীয়াই ব্যৱহাৰ কৰি আহিছে বাঁহৰ সামগ্ৰী ৷ কিন্তু সময়ৰ সোঁতত লাহে লাহে কমি যাবলৈ ধৰিছে এই সামগ্ৰীৰ ব্যৱহাৰ ৷ অসমীয়া সমাজ জীৱনৰ পৰা ক্ৰমান্বয়ে যেন হেৰাই গৈছে বাঁহশিল্প উদ্যোগ ৷ কিন্তু তাৰ মাজতো একাংশই আজিও চেষ্টা অব্যাহত ৰাখিছে নিজ থলুৱা উদ্যোগটো জীয়াই ৰাখিবলৈ ৷
শিৱসাগৰ জিলাৰ আমগুৰিতো এনে বহু কেইখন গাঁও আছে, য'ত গাঁওবাসীয়ে আজিও পৌৰাণিক পদ্ধতিৰে বাঁহশিল্পৰে উৎপাদিত সামগ্ৰী তৈয়াৰ কৰি পৰিয়াল পোহপাল দি আছে । আমগুৰিৰ মাজবাৰী, গাহৰিচোৱাবাৰী, তেপৰ, চাৰিং, লালিমছিগা আদি গাঁৱৰ লোক সকল বৰ্তমানেও বাঁহশিল্পৰ ওপৰতে নিৰ্ভৰশীল ৷ ডলা-চালনী, বিচনী,ঢাৰি,খৰাহী,জুলুকী আদি তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰি পোৱা ধনেৰে চলাই আছে পৰিয়াল ৷ তাৰ মাজতে আমগুৰিৰ এটা দম্পত্তি হৈ পৰিছে সকলোৰে বাবে আদৰ্শ ৷
যি সময়ত চৰকাৰ আৰু পঞ্চায়তীৰাজ ব্যৱস্থাই দৰিদ্ৰ লোকৰ অৰ্থনৈতিক উন্নয়নৰ কথা কৈ আহিছে সেই সময়তো যেন নামতিদ'ল গাঁও পঞ্চায়তৰ অধীনৰ এই পৰিয়ালটোৱে উদ্যোগটো জীয়াই ৰাখিবলৈ লাভ কৰা নাই কোনো সাহাৰ্য ৷ দীপক গগৈ আৰু ৰঞ্জুমণি গগৈ নামৰ দম্পত্তিটোৱে আশী দশকত পাঁচ টকা দৰৰ পৰা ডলা বিক্ৰি কৰি পৰিয়াল পোহ-পাল দি আহিছে ৷ বৰ্তমান পৰিয়ালটোৰ মাহেকীয়া আয় 5 ৰপৰা 6 হাজাৰ টকা যদিও কোনো চৰকাৰী সুবিধা লাভ নকৰিলে পৰিয়ালটোৱে ৷
লগতে পঢ়ক : প্ৰতিদ্বন্দিতামূলক ভাৱে সামৰণি পৰিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন