আমগুৰি, 22 ছেপ্টেম্বৰ: বিহু নাচি-মডেলিং ভালপোৱা এগৰাকী কণমানি ৷ চাৰিবছৰ বয়সতে খোজ দিছিল ৰেম্পত ৷ বিহু নাচ-মডেলিং সকলোতে পাৰ্গত তেওঁ ৷ মডেলিঙৰ সমানে সমানে বিহু নৃত্য কৰিও অপাৰ সমাদৰ লাভ কৰা এইগৰাকী কণমানি হৈছে (Amguri child model) উন্মনা কোঁৱৰ ৷ আমগুৰিৰ ডনবস্ক' স্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী উন্মনাই অসমৰ বিভিন্ন প্ৰান্তত লাভ কৰিবলৈ সক্ষম হৈছে মৌ-কুঁৱৰীৰ লগতে Kids Modelling Winner খিতাপ । আমগুৰি চাংমাই গাঁৱৰ নিবাসী মনোজ কোঁৱৰ আৰু জুপিতৰা কোঁৱৰৰ কন্যা উন্মনাৰ সপোন এগৰাকী সফল মডেল হোৱাৰ ।
গুৱাহাটীৰ ৰিজুমিল্লাহ আৰু মেৰী শইকীয়াৰ তত্বাৱধানত মডেলিং শিকি থকা উন্মনাক বিহুনৃত্য শিকাই আছে হাচনাহানা বৰুৱাই । 2015 চনৰ নৱেম্বৰ মাহত জন্মগ্ৰহণ কৰা উন্মনা কোঁৱৰে North East Pride Award 2022, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰা Assam Best Child Award 2020, Miss Kids Perfect Model of Assam (Winner), Mega Face of Assam 2021, Fashion Nova North-East 2021 ৰ লগতে বহুতো সন্মান আঁজুৰি আনিবলৈ সক্ষম হৈছে ।
২০২০ ৰ পৰা মডেলিং জগতত ভৰি দিয়া উন্মনাই শিৱসাগৰ, যোৰহাট, মৰিয়নি গুৱাহাটীৰ লগতে বহুকেইখন জিলাত অংশগ্ৰহণ কৰি উত্তৰ-পূৱৰ ভিতৰতে বিজয়ী খিতাপ পাবলৈ সক্ষম হৈছে । মডেলিঙৰ লগতে মৰিয়নিত আধুনিক নৃত্যৰো শিক্ষা গ্ৰহণ কৰি আছে উন্মনা কোঁৱৰে ।
বিহু নাচিও ভালপোৱা উন্মনাই শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাৰ্ঘেৰিটা আদিত বিহু নৃত্য কৰি শ্ৰেষ্ঠত্বৰ সন্মান বুটলিবলৈ সক্ষম হৈছে । ম'বাইলত বিহুনৃত্য চাই আকৰ্ষিত হোৱা উন্মনাই চাৰি বছৰ বয়সৰ পৰাই বিহুনৃত্য কৰিবলৈ শিকে । সাত বছৰ বয়সতে অসমৰ বিভিন্ন স্থানত মৌ কুঁৱৰী বঁটা লাভ কৰি নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হয় কণমানিগৰাকী ৷
নিজৰ আইতাক, সমনীয়াৰ সৈতে উমলি-জামলি ভালপোৱা উন্মনাই আজৰি সময়ত ছবি আঁকি ভালপোৱা কণমাণি উন্মনাই ভৱিষ্যতে এগৰাকী সফল মডেল হোৱাৰ সপোন পুহি ৰাখিছে মনত ।
লগতে পঢ়ক: oscars 2023 : অস্কাৰৰ বাবে তালিকাভূক্ত হ’ল RRR আৰু Chhello Show