ETV Bharat / state

শুনানীৰ নামত হাৰাশাস্তিঃ বকোৰ পৰা আমগুৰিলৈ আহিল শতাধিক পৰিয়াল - নাগৰিকপঞ্জী

নাগৰিকপঞ্জীৰ কাম চলি থকাৰ মাজতে ২৪ ঘণ্টাৰ ভিতৰত বকোৰ হাজাৰ হাজাৰ পৰিয়াললৈ আহিছে এখন জাননী ৷ জাননী লাভ কৰাৰ পাছতে ২৪ ঘণ্টাৰ ভিতৰত টকা ধাৰলৈ লৈ বকোৰ শ-শ লোক আহিল আমগুৰিলৈ ৷ লক্ষ্য এন আৰ চি শুনানিত অংশগ্ৰহণ কৰি নাগৰিকত্বৰ অধিকাৰ লাভ কৰা ৷

এখন জাননী আৰু আমগুৰিত শ শ লোক
author img

By

Published : Aug 7, 2019, 10:39 AM IST

Updated : Aug 7, 2019, 1:00 PM IST

আমগুৰি ৭ আগষ্ট: আমগুৰিৰ এন আৰ চি কেন্দ্ৰই বকোৰ শতাধিক পৰিয়াললৈ প্ৰেৰণ কৰিলে জাননী ৷ জাননী পাই আমগুৰিত উপস্থিত হয় শ-শ লোক ৷ এন আৰ চিৰ শুনানিত তেওঁলোকক অংশগ্ৰহণ কৰিবলৈ প্ৰেৰণ কৰা হৈছিল জাননী ৷ ইফালে,এই লোকসকলৰ খোৱা বোৱাৰ অসুবিধাৰ সন্মুখীন হোৱাত স্থানীয় একাংশ যুৱকে লোকসকলক যোগান ধৰে খাদ্য আৰু পানী ৷ শুনানিত অংশগ্ৰহণ কৰিবলৈ অহা শ-শ লোকে মানৱ ধৰ্ম পালন কৰা আমগুৰিৰ যুৱককেইজনক যোগান ধৰা খাদ্যৰ বাবে জনালে ধন্যবাদ ৷

এখন জাননী আৰু আমগুৰিত শ-শ লোক

Intro:Body: Samiran Duarah
Amguri
7/8/19

আমগুৰি ৭ আগষ্ট:
এখন জাননী আৰু আমগুৰিত শ শ লোক। যি যেনেকৈ পাৰিছে তেনেকৈয়ে আহিছে। ঘৰত থকা ৰুগীয়া বৃদ্ধও দৌৰী আহিছে।

হয় ৰাজ্যত নাগৰিকপঞ্জীৰ কাম চলি থকাৰ মাজতে ২৪ ঘণ্টাৰ ভিতৰত বকোৰ হাজাৰ হাজাৰ পৰিয়াললৈ আহিল জাননী। জাননী লাভ কৰি ২৪ ঘণ্টাৰ ভিতৰত যি যেনেকৈ পাৰিছে তেনেকৈয়ে ঘৰৰপৰা গাড়ী ভাড়া কৰি আহিল আমগুৰিলৈ। কোনোৱে যদি মাটি বন্ধকত দি আহিছে কোনোৱে আকৌ সোনৰ গহনাকে বন্ধকত দি আহিছে । কোনোৱে আকৌ পানী খাবলৈ পিতলৰ কলহকে লৈ আনিছে। মুঠতে এন আৰ চি শুনানিত অংশগ্ৰহণ কৰি নাগৰিকত্বৰ অধিকাৰ লবই।

লঘোনে-ভোকে অহা এইসকল লোকক এমুঠি অন্ন দিবলৈ আগবাঢ়ি আহিল আমগুৰিৰ কেইবাজনো সচেতন যুৱক। পানী কেচুৱাকো কোলাত লৈ শুনানিত অংশগ্ৰহন কৰিবলৈ অহা লঘোনে-ভোকে থকা মাতৃগৰাকীয়ে এমুঠি অন্ন লাভ কৰি আমগুৰিৰ ৰাইজৰ শলাগ লয়।

মানৱ ধৰ্ম পালন কৰা আমগুৰিৰ যুৱককেইজনে খোৱাপানীৰো যোগান ধৰা লগতে নাগৰিকপঞ্জীৰ শুনানিত অংশগ্ৰহণ কৰা বাবে সকলোকে ধন্যবাদ জনায়।

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ইটিভি ভাৰত অসমConclusion:
Last Updated : Aug 7, 2019, 1:00 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.