ETV Bharat / state

যোৰহাট লোকসভা সমষ্টিৰ ভোটাৰ তালিকাত সংযোজন ডেৰ লাখৰো অধিক নতুন ভোটাৰ - new voter

নিৰ্ণায়ক ভূমিকা লোৱাৰ সম্ভাৱনা এইসকল নতুন প্ৰজন্মৰ ভোটাৰৰৰ

যোৰহাট লোকসভা সমষ্টিৰ ভোটাৰ তালিকাত সংযোজন ডেৰ লাখৰো অধিক নতুন ভোটাৰ
author img

By

Published : Mar 28, 2019, 5:00 PM IST

শিৱসাগৰ,28 মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধান সভা সমষ্টিৰ ভোটাৰ তালিকাত সংযোজন হ’ল ডেৰ লাখৰো অধিক নতুন ভোটাৰ ৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ তুলনাত এইবাৰৰ নিৰ্বাচনৰ বাবে বৃদ্ধি পাইছে এই বৃহৎ পৰিমাণৰ ভোটাৰৰ সংখ্যা । এই বৃহৎ সংখ্যক ভোটাৰে প্ৰাৰ্থী নিৰ্বাচনত গ্ৰহণ কৰিব পাৰে নিৰ্ণায়ক ভূমিকা ।

চৰকাৰী তথ্য অনুসৰি ২০১৪ চনৰ ১১,৮৯,৪৮৬ গৰাকী ভোটাৰৰ বিপৰীতে ২০১৯ ৰ নিৰ্বাচনত ভোটাৰৰ সংখ্যা হৈছে প্ৰায় ১৩,৪৩,৮৭২ গৰাকী । উল্লেখ্য যে বৃদ্ধি পোৱা সৰহ সংখ্যক ভোটাৰ ১৮ বছৰ বয়সৰ পৰা ২১ বছৰ বয়সৰ ভিতৰৰ ৷ নতুন প্ৰজন্মৰ এইসকল ভোটাৰ শিক্ষিত,বিবেকবান,দলীয় আদৰ্শক লৈ সচেতন হোৱাৰ উপৰিও পৰিস্থিতিক লৈ সচেতন হোৱাৰ বাবে নিজৰ বিচাৰ-বিবেচনাৰে ভোট প্ৰদান কৰাৰ প্ৰৱল সম্ভাৱনা আছে ৷ গতিকে এনে পৰিস্থিতিত এই বৃহৎ সংখ্যক ভোটাৰে যিকোনো প্ৰাৰ্থীৰ ভৱিষ্যত নিৰ্ধাৰণতগুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণকৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

যোৰহাট লোকসভা সমষ্টিৰ ভোটাৰ তালিকাত সংযোজন ডেৰ লাখৰো অধিক নতুন ভোটাৰ

তথ্য অনুসৰি, কেৱল শিৱসাগৰ জিলাৰ তিনি সমষ্টি ক্ৰমে আমগুৰি, থাওৰা আৰু শিৱসাগৰ সমষ্টিত বৃদ্ধি পাইছে ৪৮,৬৮১ গৰাকী ভোটাৰ । সেইদৰে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত যোৰহাট, মৰিয়নি,তিতাবৰ,টিয়ক,নাজিৰা,সোণাৰি,মাহমৰাকে ধৰি মুঠ দহটা সমষ্টিত বৃদ্ধি পাইছে প্ৰায় ১৫,৯০,৪৮ সংখ্যক ভোটাৰ । এতিয়া গুৰুত্বপূৰ্ণ বিষয়টো হ’ল নতুন প্ৰজন্মৰ এই সকল ভোটাৰে কি বিচাৰে? নিৰ্বাচনত অৱৰ্তীণ হোৱা প্ৰাৰ্থীক লৈ কিমান আশাবাদী এইসকল ভোটাৰ ? এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন ৷

*যোৰহাট লোকসভা সমষ্টিৰ ভোটাৰ তালিকাত সংযোজন ডেৰ লাখৰো অধিক নতুন ভোটাৰ-নিৰ্ণয়ক ভূমিকা লব পাৰে নতুন প্ৰজন্মৰ ভোটাৰে*
Story-YOUNG_VOTERS
Ananta Smith
Sivasagar
28th March

A_SVR_28TH_MAR_801-804_VISUAL_YOUNG_VOTERS_ANANTA

আগন্তুক লোকসভা নিৰ্বাচনৰ যোৰহাট লোকসভা সমষ্টিৰ ভোটাৰ তালিকাত ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ তুলনাত বৃদ্ধি পাইছে ডেৰ লাখৰো অধিক ভোটাৰ।ইয়াৰ গৰিষ্ঠ সংখ্যক ভোটাৰ নতুন ।এই বৃহৎ সংখ্যক ভোটাৰে প্ৰাৰ্থী নিৰ্বাচনত গ্ৰহণ কৰিব পাৰে নিৰ্ণায়ক ভূমিকা।

যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধান সভা সমষ্টিৰ ভোটাৰ তালিকাত ডেৰ লাখৰো অধিক নতুন ভোটাৰ।২০১৪ চনৰ ১১,৮৯,৪৮৬ গৰাকী ভোটাৰৰ বিপৰীতে ২০১৯ ৰ নিৰ্বাচনত ভোটাৰৰ সংখ্যা হৈছে প্ৰায় ১৩,৪৩,৮৭২ গৰাকী।বৃদ্ধি পোৱা সৰহ সংখ্যক ভোটাৰ ১৮ বছৰ বয়সৰ পৰা ২১ বছৰ বয়সৰ ভিতৰত।নতুন প্ৰজন্মৰ এইসকল ভোটাৰ শিক্ষিত,বিবেকৱান,দলীয় আদৰ্শক লৈ সচেতন হোৱাৰ উপৰিও পৰিস্থিতিক লৈ সচেতন হোৱাৰ বাবে নিজৰ বিচাৰ-বিবেচনাৰে ভোট প্ৰদান কৰাৰ সম্ভাৱনা থাকে।এনে পৰিস্থিতিত এই বৃহৎ সংখ্যক ভোটাৰে যিকোনো প্ৰাৰ্থীৰ ভৱিষ্যত নিৰ্দ্ধাৰণ কৰিব পাৰে।কেৱল শিৱসাগৰ নিৰ্বাচনী জিলাৰ তিনি সমষ্টি ক্ৰমে আমগুৰি, থাওৰা আৰু শিৱসাগৰ সমষ্টিত বৃদ্ধি পাইছে ৪৮,৬৮১ গৰাকী ভোটাৰ।সেইদৰে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত যোৰহাট, মৰিয়ণি,তিতাবৰ,টিয়ক,নাজিৰা,সোনাৰী,মাহমৰা আদি কৰি মুঠ দহটা সমষ্টিত বৃদ্ধি পাইছে প্ৰায় ১৫,৯০,৪৮ সংখ্যক ভোটাৰ।নতুন প্ৰজন্মৰ এই সকল ভোটাৰে কি বিচাৰে?নিৰ্বাচনত অৱৰ্তীণ হোৱা প্ৰাৰ্থীৰ পৰা কি বিচাৰে?

Bite1-2-3-নতুন প্ৰজন্মৰ ভোটাৰ

আহোম আৰু চাহ জনগোষ্ঠীয় ভোটাৰৰ প্ৰাধান্য থকা যোৰহাট লোকসভা সমষ্টিত যদি এই দুই ভোট বেংকৰ সমান বিভাজন হয় তেন্তে দল আৰু প্ৰাৰ্থীয়ে প্ৰভাৱিত কৰিব পাৰিলে এই সকল নতুন ভোটিৰে যিকোনো প্ৰাৰ্থীৰ ভৱিষ্যত সলনি কৰিব পাৰে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.