ETV Bharat / state

নলবাৰীত চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ - চিকিৎসক

চিকিৎসকৰ ভুলৰ বাবে কণমানিৰ মৃত্যুৰ অভিযোগ । জি এম চি এইচত মৃত্যু ঘটিল তানিস্থা কাশ্যপৰ । চিকিৎসকৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল ৷

wrong treatment allegation against doctor at nalbari
নলবাৰীত চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ
author img

By

Published : Aug 27, 2020, 12:52 PM IST

নলবাৰী, 27 আগষ্টঃ ভুল চিকিৎসাৰ বলি হৈ নলবাৰীৰ এগৰাকী চাৰি বছৰীয়া কণমানিৰ মৃত্যু হোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখযোগ্য যে, নলবাৰী চহৰৰ সমীপৰ নলবাৰী গাঁৱৰ সত্ৰত মোমায়েকৰ গৃহত থকা এঘাৰ মহীয়া কণমানি সন্তান ধৃতিস্মান কাশ্যপে জ্বৰত ভূগি থকাত শিশু চিকিৎসক ডাঃ ৰাকেশ জৈনৰ ওচৰলৈ লৈ যোৱাত ধৃতিস্মানক ফুলেশ্বৰী নাৰ্ছিং হোমত ভৰ্তি কৰোৱাবলৈ নিৰ্দেশ দিয়ে । চিকিৎসকৰ পৰামৰ্শ মতে পৰিয়ালটোৱে কণমানি গৰাকীক নাৰ্ছিং হোমত ভৰ্তি কৰোৱাত কণমানি গৰাকীৰ দেহত ক’ভিড-19 পজিটিভ ধৰা পৰা বুলি কৈ নলবাৰীৰ অসামৰিক চিকিৎসালয়ৰ ক’ভিড-19 হস্পিতালত ভৰ্তি কৰোৱায় ।

নলবাৰীত চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ

সেই সময়তে কণমানি গৰাকীৰ বায়েক চাৰি বছৰীয়া তানিস্থা কাশ্যপ ডায়েৰীয়াত আক্ৰান্ত হোৱাত তেওঁকো ডাঃ ৰাকেশ জৈনক দেখুওৱাত চিকিৎসক গৰাকীয়ে তানিস্থা কাশ্যপকো নলবাৰীৰ অসামৰিক চিকিৎসালয়ৰ ক’ভিড-19 হস্পিতালত ভৰ্তি কৰাই যদিও চিকিৎসালয় কৰ্তৃপক্ষই তানিস্থাৰ ক’ভিড-19 পৰীক্ষা নকৰাকৈ ক’ভিড-19 ত আক্ৰান্ত ধৃতিস্মানৰ সৈতে একেটা কোঠালীতে ৰাখি চিকিৎসা কৰোৱাৰ অভিযোগ আনে কণমানি দুগৰাকীৰ পৰিয়ালে । ইফালে দুয়োগৰাকী কণমানিৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাতৰ পিচতো নলবাৰীৰ অসামৰিক চিকিৎসালয়ত বিশেষ কোনো চিকিৎসা সেৱা নোপোৱাৰ অভিযোগ আনে কণমানি দুয়োগৰাকীৰ মোমায়েকে ।

wrong treatment allegation against doctor at nalbari
নলবাৰীত চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ

উপায়ন্তৰ হৈ অতি সংকটজনক অৱস্থাত কণমানি দুগৰাকীক জি এম চি এইচলৈ পৰিয়ালৰ লোকে নিজা ববীয়াকৈ লৈ যায় যদিও জি এম চি এইচত চিকিৎসাৰ নামত নৰক যন্ত্ৰনা ভুগিব লগীয়া হোৱাৰ অভিযোগ আনিছে পৰিয়ালটোৱে । কৰ্তৃপক্ষৰ গুৰুত্বহীনতাৰ ফলত চাৰি বছৰীয়া তানিস্থা কাশ্যপে অবশেষত কৰুণভাবে মৃত্যুক আকোঁৱালী লয় ৷ ইফালে জি এম চি এইচ কৰ্তৃপক্ষৰ ওপৰত আস্থা হেৰুৱাই মৃত চাৰি বছৰীয়া কন্যা সন্তাটিক গৃহলৈ অনাৰ মুহুৰ্ততে ক’ভিড আক্ৰান্ত এঘাৰ মহিয়া পুত্ৰ ধৃতিস্মান কাশ্যপকো গৃহলৈ লৈ আহে পৰিয়ালটোৱে । ইতিমধ্যে মৃত কণমানি গৰাকীৰ শিক্ষক পিতৃ অনিল চন্দ্ৰ ৰয়ে নলবাৰী সদৰ থানাত ডাঃ ৰাকেশ জৈনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়কঃ অসম চৰকাৰৰ পাঁচটা বিভাগত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.