ETV Bharat / state

নলবাৰীত শোভাযাত্ৰাৰে উদযাপন বিশ্ব ভাতৃত্ব দিৱস - Mahendra Narayan Chaudhary Girls College

মহান মণিষী স্বামী বিবেকানন্দই ১৮৯৩ চনত চিকাগোৰ ঐতিহাসিক বিশ্ব ধৰ্ম সংসদত(World Religious Parliament in Chicago)আজিৰ দিনটোতে স্মৰণীয় ভাষণটো আগবঢ়াইছিল ৷ সেয়েহে আজিৰ দিনটো বিশ্ব ভাতৃত্ব দিৱস হিচাপে পালন কৰা হয় ৷ এই দিৱস নলবাৰীতো পালন কৰা হয় ।

World Brotherhood Day observed in Nalbari
নলবাৰীত শোভাযাত্ৰাৰে উদযাপন বিশ্ব ভাতৃত্ব দিৱস
author img

By

Published : Sep 11, 2022, 2:21 PM IST

নলবাৰী, ১১ ছেপ্টেম্বৰ: আজি ১২৯ সংখ্যক বিশ্ব ভাতৃত্ব দিৱস(World Brotherhood Day observed in Nalbari)। বিশ্বৰ ভিন্ন প্ৰান্তত এই দিৱস বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে । সমান্তৰাল ভাৱে নলবাৰীতো পালন কৰা হয় এই দিৱস । নলবাৰীৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ (Vivekananda Kendra Vidyalaya of Nalbari)উদ্যাগত পালন কৰা হয় বিশ্ব ভাতৃত্ব দিৱস ।

নলবাৰীত শোভাযাত্ৰাৰে উদযাপন বিশ্ব ভাতৃত্ব দিৱস

এই উপলক্ষে নলবাৰীৰ গৰ্ডন ফিল্ডত এখন সভা অনুষ্ঠিত হয় । উক্ত সভাত উপস্থিত থাকে মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ(Mahendra Narayan Chaudhary Girls College)অৱসৰী অধ্যক্ষ কৃষ্ণ চন্দ্ৰ গৌড়ৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি । আনহাতে,ভাতৃত্ব দিৱসৰ লগ সংগতি ৰাখি গৰ্ডন খেলপথাৰৰ পৰা এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । উক্ত শোভাযাত্ৰা গৰ্ডন ফিল্ডৰ পৰা বাটা চ'ক হৈ থানা চকৰে পুনৰ গৰ্ডন ফিল্ডত উপস্থিত হয় ।

উল্লেখ্য় যে প্ৰতি বছৰে ১১ ছেপ্টেম্বৰত পালন কৰা হয় । ১৮৯৩ চনৰ ১১ ছেপ্টেম্বৰত চিকাগোত বিশ্ব ধৰ্ম সংসদৰ(World Religious Parliament in Chicago)প্ৰতিনিধিসকলক দিয়া স্বামী বিবেকানন্দৰ(Swami Vivekananda) বিখ্যাত ভাষণৰ স্মৰণীয় অনুষ্ঠান হিচাপে এই দিৱস পালন কৰি অহা হৈছে । উক্ত ভাষণটো ইয়াৰ আৰম্ভণি শব্দৰ বাবে জনপ্ৰিয়ভাৱে স্মৰণ কৰা হয় ।

স্বামী বিবেকানন্দই ১৮৯৩ চনৰ ১১ ছেপ্টেম্বৰৰ পৰা চিকাগোত তেওঁৰ ভাষণত বিশ্ব ভাতৃত্বৰ বাবে আহ্বান জনাইছিল । তেওঁ কৈছিল যে এই পৃথিৱীৰ মানুহে কেৱল তেওঁৰ ধৰ্ম সঁচা আৰু আন ধৰ্মবোৰ মিছা বুলি জোৰ দিয়াৰ বাবে ধৰ্মান্ধ হৈছে । তেওঁলোকৰ বাবে আন ধৰ্মবোৰৰ অস্তিত্ব ৰখাৰ কোনো অধিকাৰ নাই । যেতিয়ালৈকে এই পৰিস্থিতি অব্যাহত থাকে তেতিয়ালৈকে ধৰ্মৰ নামত কেৱল ৰক্তপাত হ'ব পাৰে আৰু কোনো ভাতৃত্ববোধ থাকিব নোৱাৰে বুলি স্বামী বিবেকানন্দই স্পষ্ট ভাৱে উল্লেখ কৰিছিল ।

লগতে পঢ়ক:বৰপেটাত সতী ৰাধিকাৰ ৫৬৬ সংখ্যক জন্মোৎসৱ পালন

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.