নলবাৰী,14 জুন: এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া । বিভীষিকা অব্যাহত থকা কৰ’ণা ভাইৰাছৰ বাবে দিন-ৰাতি একাকাৰ কৰি কৰ্মত ব্যস্ত বিষয়াজনে দায়িত্ব বহন কৰি আহিছে নলবাৰী জিলাৰ উপায়ুক্ত হিচাপে । তাৰমাজতে দেওবাৰে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত আয়োজিত বিশ্ব ৰক্তদাতা দিৱসত পত্নী দিপ্তী দেৱ চৌধুৰীৰ সৈতে উপস্থিত হৈ ৰক্তদান কৰে উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে । উপায়ুক্তগৰাকীৰ লগতে অনুষ্ঠানটোত উপস্থিত বিভিন্নজনে ৰক্তদান কৰে ৷
উল্লেখ্য যে,তেজৰ গ্ৰুপ আৱিস্কাৰ কৰা কাৰ্লো লেন্স স্পেইনাৰৰ জন্মদিনৰ লগত সংগতি ৰাখি ৰক্তদাতা সকলক উৎসাহিত কৰিবলৈ পালন কৰা হয় বিশ্ব ৰক্তদাতা দিৱস ৷ উক্ত দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত আয়োজন কৰা হয় এক অনুষ্ঠানৰ ৷ কাৰ্লো লেন্স স্পেইনাৰৰ প্ৰতিচ্ছবিত জনোৱা শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ হয় উক্ত অনুষ্ঠানৰ । অনুষ্ঠানটোত যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ উমেশ ফাংচুকে ধৰি আন আন চিকিৎসকসকল উপস্থিত থাকে ।
লগতে চাওকঃ কৰ'ণাত আক্ৰান্ত বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক