ETV Bharat / state

নলবাৰীত পশু চিকিৎসালয়ৰ জৰাজীৰ্ণ অৱস্থা - গৰুৰ দেহত দেখা দিয়া লাম্পি ৰোগ

সুদীৰ্ঘ পাঁচ বছৰে আধুনিকতাৰ পৰশ নপৰা নলবাৰীৰ এখন পশু চিকিৎসালয় । চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাইছে পশু চিকিৎসালয়খনে ৷

veterinary hospital pathetic condition at Nalbariveterinary hospital pathetic condition at Nalbari
veterinary hospital pathetic condition at Nalbari
author img

By

Published : Aug 28, 2020, 5:26 PM IST

নলবাৰী, 28 আগষ্ট: যি সময়ত গৰুৰ দেহত দেখা দিয়া লাম্পি ৰোগৰ ফলত বহু পশুধনৰ মৃত্যু হৈছে তেনে সময়তে ৰাজ্যৰ নলবাৰী চহৰৰ এখন পশু চিকিৎসালয়ৰ চৰম দুৰৱস্থা ৷ পৰিৱৰ্তনকামী শ্ল’গানেৰে চৰকাৰৰ গাদী দখল কৰা চৰকাৰেও যেন পৰিৱৰ্তন কৰিব পৰা এই চিকিৎসালয়খনৰ জৰাজীৰ্ণ অৱস্থা ৷

নলবাৰীত পশু চিকিৎসালয়ৰ জৰাজীৰ্ণ অৱস্থা

পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অন্তৰ্গত পকোৱা কৃত্ৰিম প্ৰজনন উপকেন্দ্ৰ ৷ কিন্তু জৰাজীৰ্ণ উপকেন্দ্ৰটোত পশুৰ চিকিৎসাৰ বাবে নাই কোনো সু-ব্যৱস্থা ৷ কেৱল নামতহে আছে গৃহতো ৷ আনকি নাই ভাল বেৰ-চালিও । যিকোনো সময়তে ভাঙি পৰিব পাৰে উপকেন্দ্ৰটো ৷ লগতে এজাক বৰষুণ দিলেই উপকেন্দ্ৰটো পানীৰে ভৰি পৰাত কৰ্মচাৰীসকলে উপকেন্দ্ৰটোৰ গাতে লাগি থকা দোকানত আশ্ৰয় ল’ব লগা হয় ।

উল্লেখ্য যে, পকোৱাস্থিত পশু চিকিৎসা উপকেন্দ্ৰটোত আজিলৈ পৰা নাই স্থানীয় বিধায়ক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ দৃষ্টি । যাৰ ফলত এতিয়া গ্ৰাম্যাঞ্চলত থকা পশুধন সমূহ উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈছে । এই অভিযোগ স্থানীয় ৰাইজৰ ৷ স্থানীয় ৰাইজৰ অভিযোগ উপকেন্দ্ৰটোৰ আজিলৈ কোনো ধৰণৰ উন্নয়ন হোৱা নাই ৷ সেয়ে শীঘ্ৰে এই উপকেন্দ্ৰটো মেৰামতি কৰি সুচল কৰি তুলাৰ দাবী স্থানীয় বাসিন্দাৰ ৷

লগতে চাওক-এয়াৰটেলৰ উপভোক্তাসকলৰ বাবে দুঃখবৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.