নলবাৰী, ৪ জুন : নলবাৰী শিক্ষা বিভাগে গ্ৰহণ কৰিছে ব্যতিক্ৰমী ব্যৱস্থা । বিভাগটোৰ শীৰ্ষ বিষয়াই অৱসৰৰ দিনাই দুই কৃতি শিক্ষকক পেঞ্চনৰ সকলো সা সুবিধা প্ৰদান কৰিছে । অৱসৰৰ দিনাই পেঞ্চনৰ সকলো সুবিধা লাভ কৰা শিক্ষক দুজন ক্ৰমে কাচিমপুৰ প্ৰথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপক স্বৰ্গীয়াৰী আৰু নলবাৰী টাউন মোক্তাৱৰ প্ৰধান শিক্ষক লক্ষী বেজবৰুৱা । নলবাৰীৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে অৱসৰৰ দিনাই পেঞ্চনৰ সকলো সা সুবিধা প্ৰদান কৰে শিক্ষক দুজনক ।
![Two retired teacher](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03:19_as-nlb-01-4jun-pension-2-teacher-v-as10004_04062020144827_0406f_1591262307_305.jpg)
অৱসৰৰ পিছত পেঞ্চন বিচাৰি একাংশ শিক্ষক কৰ্মচাৰীয়ে পেঞ্চন কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিব লগীয়া হোৱা সময়তে নলবাৰী শিক্ষা বিভাগৰ এই পঝক্ষেপৰ শলাগ লৈছে স্থানীয় লোকে ।
লগতে চাওকঃ উত্তৰ প্ৰদেশত বন্দুক দেখুৱাই যুৱতীক ধৰ্ষণ