নলবাৰী, ১৬ জুলাই: ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুকজনিত ঘটনা ৷ এইবাৰ নলবাৰীত যৌতুকৰ বাবে মহিলাক অত্যাচাৰৰ অভিযোগ উত্থাপিত হৈছে । আনকি বোৱাৰীগৰাকীক মাৰধৰ কৰি ঘৰৰ পৰা উলিয়াই দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী বোৱাৰীগৰাকীয়ে (Torture for dowry in Nalbari) ৷
স্বামী, শাহু আৰু ননদৰ বিৰুদ্ধে ইতিমধ্য ভুক্তভোগী বোৱাৰীগৰাকীয়ে নলবাৰী আৰক্ষী থানাত(Nalbari police station) দাখিল কৰিছে অভিযোগ ৷ মাৰধৰ কৰি ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্বামীগৃহৰ লোকৰ বিৰুদ্ধে । উল্লেখযোগ্য যে, পাটাছাৰকুছিৰ বোৱাৰীগৰাকী এঘাৰ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল নলবাৰীৰ লোকজনৰ সৈতে । বিয়াৰ পিছৰে পৰাই শাহু আৰু ননদে মিলি বোৱাৰীগৰাকীক যৌতুকৰ বাবে নানান অত্যাচাৰ কৰি অহা বুলি জানিবলৈ দিছে বোৱাৰীগৰাকীয়ে ।
ইয়াৰ পূৰ্বে স্বামীৰ বিৰুদ্ধে ভুক্তভোগী বোৱাৰীগৰাকীয়ে নলবাৰী সদৰ থানাত গোচৰ তৰিছিল যদিও জামিনত ওলাই আহিছিল অভিযুক্ত স্বামী । অনুৰূপ ধৰনে শুকুৰবাৰে নিশাও স্বামীৰ মাতৃ আৰু ভনীয়েকৰে মিলি মাৰধৰ কৰি ঘৰৰ পৰা উলিয়াই দিয়াৰ অভিযোগ কৰিছে মহিলাগৰাকীয়ে । ফলত নিশাই বোৱাৰীগৰাকীয়ে নলবাৰী সদৰ থানাত গোচৰ দিয়ে । মুৰ, বুকু আৰু হাতত গুৰুতৰভাৱে আঘাত পোৱা ভুক্তভোগী বোৱাৰীগৰাকীয়ে বিচাৰিছে ন্যায় ।
উল্লেখ্য যে, ভুক্তভোগী বোৱাৰীগৰাকীৰ আছে এটি দহ বছৰীয়া পুত্ৰ সন্তান ।
লগতে পঢ়ক: Heated situation at Anganwadi centre: শিশুৰ বাবে অহা সামগ্ৰী হৰলুকিৰ অভিযোগ