নলবাৰী,10 জুন: সমগ্ৰ দেশতে সংহাৰ চলোৱা কাল কৰ'ণাই কাঢ়ি নিলে বহুতৰে প্ৰাণ ৷ অকালতে আপোনজনক হেৰুৱালে অজস্ৰজনে ৷ কৰ'ণাই নিমিষতে তচনচ কৰি পেলালে বহুতৰে সপোন ৷ তেনে এক হৃদয় বিদাৰক ঘটনা ঘটিল নলবাৰীৰ ষাঠিকুছিত ৷ পিতৃ-মাতৃৰ সৈতে দুটি ভাই-ভনীৰে এখন সুখৰ সংসাৰ থকা পূৰৱীৰ জীৱনলৈ কাল কৰ'ণাই কঢ়িয়াই আনিলে অমানিশা ৷ মাত্ৰ এসপ্তাহৰ ভিতৰতে পূৰৱীহঁতৰ সকলো আশা-সকলো সপোন আলাই-আথানি হৈ গ’ল ৷ কৰ'ণাই কাঢ়ি লৈ গ'ল তিনি ভাতৃ-ভগ্নীৰ পিতৃ-মাতৃক ৷
পেছাত গাড়ীচালক পিতৃ কনক বৰ্মন আৰু মাতৃ সৰস্বতী বৰ্মনে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱাৰ পিছত এতিয়া অভিভাৱকহীন হৈ পৰিছে পূৰৱীহঁত ৷ কৰ'ণাৰ কালৰূপত পিতৃ-মাতৃক হেৰুৱাই ঘাট মাউৰা তিনি সন্তানে এতিয়া হিয়া ঢাকুৰি কান্দিছে ৷ গাড়ী চলাই কোনোমতে পৰিয়াল পোহপাল দিয়া পিতৃৰ মৃত্যুৰ পাচতে এতিয়া চলিবলৈ উপায়হীন হৈ পৰিছে তিনি ভাতৃ-ভগ্নী ৷
ইফালে স্বাস্থ্য বিভাগত নিযুক্তি লাভ কৰা পূৰৱীয়েও বিগত তিনি মাহে লাভ কৰা নাই কোনো দৰমহা ৷ যাৰ ফলত সৰগ ভাগি পৰিছে জ্যেষ্ঠ কন্যা পূৰৱীৰ ওপৰত ৷ আৰ্থিক দৈন্যতা আৰু অভিভাৱকহীন হৈ পৰা তিনি সন্তানে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে পূৰৱীৰ দৰমহা মুকলি কৰি দিয়াৰ লগতে ঘৰৰ ওচৰতে পূৰৱীক নিযুক্তি প্ৰদানৰ বাবে ৷ কৰ’ণাই কোঙা কৰা অজস্ৰ কাহিনীৰ এয়া এক উদাহৰণহে ৷ এনে অনেক পূৰৱী-অলকেশৰ জীৱনলৈ এন্ধাৰ মাতি আনিছে এই কৰ’ণাই ৷
লগতে পঢ়ক: লোক নিৰ্মাণ বিভাগৰ পথে জ্বলা-কলা খুৱাইছে ৰূপহীহাটবাসীক