CRPF জোৱানৰ গৃহত সুৰাপান কৰি চোৰৰ লুটপাত - CRPF
নৈশ সান্ধ্য আইনৰ মাজতে এজন চি আৰ পি এফ (CRPF) জোৱানৰ গৃহত চোৰৰ লুটপাত ৷ লক্ষাধিক টকাৰ সম্প্ৰত্তি চোৰে লুটি নিয়াৰ লগতে জোৱানজনৰ ঘৰত সুৰাপান কৰিও যায় দলটোৱে ৷
নলবাৰী, 30 জুন : নৈশ সান্ধ্য আইনৰ মাজতে নলবাৰীৰ দেহাৰকুছিত অঘটন ৷ ঘৰত কোনো নথকাৰ সুযোগত চি আৰ পি এফ(CRPF) জোৱানৰ গৃহত চোৰে চলালে লুটপাত ৷ সেনা জোৱানজনৰ পৰিয়ালৰ দহ লক্ষাধিক আ-অলংকাৰ সহ নগদ ধন, পাট-মুগাৰ কাপোৰৰ লগতে বহু সামগ্ৰী লুটি নিয়ে চোৰে ৷
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত দেহাৰকুছি গাঁৱৰ বাসিন্দা তথা চি আৰ পি এফ (CRPF)ৰ জোৱান ৰামচৰন দাসৰ গৃহত সংঘটিত হয় এই চুৰিকাণ্ড ৷ চি আৰ পি এফ(CRPF) জোৱান ৰামচৰণ দাসৰ শহুৰেকৰ শাৰীৰিক অসুস্থতাৰ বাবে খবৰ ল'বলৈ গৈছিল জোৱানজনৰ পৰিয়াল ৷ সানেকুছিৰ শহুৰেকৰ ঘৰত নিশাটো কটাইছিল জোৱান জনৰ পৰিয়ালে ৷ যাৰ ফলত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰে চোৰৰ দলটোৱে ৷
চোৰৰ দলটোৱে চি আৰ পি এফ জোৱান দাসৰ পত্নী আৰু কন্যাৰ কেইবা টোলা সোণৰ আ-অলংকাৰ, পাট-মুগাৰ কাপোৰ আৰু নগদ ধন লুটি নিয়ে ৷ আনকি ঘৰত কোনো নথকাৰ সুযোগত চোৰে চাহ বনাই খোৱাৰ লগতে গুটখা আৰু মদ্যপান কৰাৰ প্ৰমাণ এৰি যায় ৷
জোৱান জনৰ গেটখন সম্পূৰ্ণ ৰূপে বন্ধ থকাৰ পিচতো চোৰ কেনেকৈ গৃহটোত প্ৰৱেশ কৰিলে তাক লৈ এতিয়া সৃষ্টি হৈছে আন এক ৰহস্যৰ ৷ ইতিমধ্যে চি আৰ পি এফ জোৱান দাসে ঘগ্ৰাপাৰ আৰক্ষীক অৱগত কৰিছে ৷ অৱশেষত ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰীৰ নেতৃত্বত চি আৰ পি এফৰ sniffer dogs দ্বাৰা চুৰিকাণ্ডৰ অনুসন্ধান চলায় ৷ ইফালে, জোৱান জনৰ ঘৰত নলবাৰী অতিৰিক্ত আৰক্ষী অধীক্ষক পুস্কিন জৈন উপস্থিত হৈ শীঘ্ৰে চোৰৰ দলটোক আটক কৰাৰ আশ্বাস প্ৰদান কৰে ৷
লগতে পঢ়ক:টীয়কত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত তৎপৰ কৰ্তৃপক্ষ