ETV Bharat / state

অসমৰ আন এখন শুৱালকুছি !

author img

By

Published : Dec 24, 2020, 8:09 PM IST

নলবাৰীৰ এখন বিশেষ গাঁও । গাঁও খনৰ এটা চুবুৰীত কেৱল শুনা যায় তাঁতৰ মাকো-দোৰপতি আৰু গৰকাৰ শব্দ ৷ প্ৰায় 70 ঘৰ মানুহে দীৰ্ঘদিন ধনি নিজকে জড়িত কৰি ৰাখিছে বস্ত্ৰশিল্পৰ সৈতে ৷ ক্ষুদ্ৰ শুৱালকুছি হিচাপে জনাজাত এই গাঁওখন ৷

the little Manchester of Assam
the little Manchester of Assam

নলবাৰী, 24 ডিচেম্বৰ : পাট-মুগাৰ কাপোৰ বুলিলে আমাৰ মনলৈ আহে শুৱালকুছিৰ কথা ৷ যাক কোৱা হয় অসম বা উত্তৰ-পূৱৰ মানচেষ্টাৰ ৷ শুৱালকুছিৰেই অনুৰূপ এখন গাঁও আছে নলবাৰী জিলাত ৷ ইয়াতো শুনা পোৱা যায় গৰকা, মাকো-দোৰপতিৰ শব্দ ৷ গাঁওখনৰ নাম ককয়া ৷ নলবাৰী চহৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ গ'লেই পোৱা যায় ককয়া নামৰ গাঁওখন ৷ গাঁওখনৰ কৌৰৱপাৰা চুবুৰীত ঘৰে ঘৰে কাপোৰ বয় লোকসকলে ৷ যাৰ বাবে এই গাঁওখনক কোৱা হয় ক্ষুদ্ৰ শুৱালকুছি ৷

কৌৰৱ পাৰাৰ প্ৰতিঘৰ লোকেই নানা ধৰণৰ চানেকি তুলি প্ৰস্তুত কৰে পাটৰ কাপোৰ, গামোচা, চাদৰ-মেখেলা আদি ৷ কাপোৰ প্ৰস্তুত কৰাটোৱেই তেওঁলোকৰ জীৱন জীৱিকা ৷ শালখনেই হৈছে তেওঁলোকৰ একমাত্ৰ জীয়াই থকাৰ সম্বল ৷ কি পুৰুষ-কি মহিলা, সকলোৱই তাঁত শালত বব পাৰে কাপোৰ ৷ গাঁওখনৰ প্ৰায় 70ঘৰ লোকৰ সৰহ সংখ্যকৰে ঘৰত আছে তাঁতৰ শাল ৷ বিগত প্ৰায় 15 বছৰ ধৰি এইদৰে শালত কাপোৰ বৈ আহিছে গাঁওখনৰ লোক সকলে ৷

নলবাৰীৰ এখন বিশেষ গাঁও...

পৰিতাপৰ কথা যে, দীৰ্ঘদিন অসমৰ বস্ত্ৰশিল্পৰ সৈতে জড়িত হৈ থাকিও চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা নাই গাঁওখনে ৷ ইয়াৰ শিপিনীসকলে লাভ কৰা নাই কোনো চৰকাৰী সাহায্য ৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰতিনিধিত্ব কৰা ধৰ্মপুৰ সমষ্টিৰে এই সকল লোকে নাপায় কোনো চৰকাৰী সুবিধা ৷ পূৰ্বতে তেওঁলোকৰ ব্যৱসায় যঠেষ্ট স্বচ্চল আছিল যদিও ক’ভিড-মহামহাৰী পিচতে বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হ'ল গাঁওখনৰ কাপোৰৰ ব্যৱসায় ৷ অসমৰ বস্ত্ৰ শিল্পৰ উদ্যোগলৈ নিৰলস বৰঙণি আগবঢ়াই যোৱা এইসকল লোকৰ ক্ষেত্ৰত চৰকাৰে যদি দৃষ্টি দিয়ে নিশ্চয় আন এখন শুৱালকুছিয়ে ৰাজ্যত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব ৷
লগতে পঢ়ক : ৰাজ্যিক কাৰ্যনিৰ্বাহকত অংশ গ্ৰহণ কৰি কি ক'লে সভাপতি ৰঞ্জিত দাসে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.