নলবাৰী, 15জুনঃ অসমত হিন্দুৰ ভৱিষ্যত ভয়াৱহ । এই মন্তব্য কৰিছে হিন্দু সুৰক্ষা সেনাৰ কেন্দ্ৰীয় সভাপতি জয়দেৱ হাজৰিকাই ৷ সোমবাৰে নলবাৰীত এক সংবাদমেলৰ জৰিয়তে এই মন্তব্য আগবঢ়াই সভাপতি গৰাকীয়ে ৷ অসমত হিন্দু সুৰক্ষিত নহয় বুলি কৈ বিগত সময়ছোৱাত হাজোত সনাতন ডেকা আৰু গুৱাহাটীত ঋতুপৰ্ণ পেগুৰ লগতে কেইবাগৰাকীও লোকৰ হত্যাকাণ্ডৰ ঘটনাই ইয়াৰ প্ৰমাণ কৰিছে বুলি উল্লেখ কৰে ৷ ইয়াৰ উপৰি দোষীক কঠোৰ শাস্তি দিবৰ বাবে চৰকাৰক দাবী জনায় হিন্দু সুৰক্ষা সেনাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বায়ক নিৰ্মল চন্দ্ৰ নাথে ৷ আনহাতে, সংগঠনটোৱে অসমত গো হত্যা বিৰোধী আইন প্ৰণয়ন কৰিবলৈও আহ্বান জনায়। ইফালে হিন্দু ক্ৰান্তি দলেও সোমবাৰে এক সংবাদমেল সম্বোধন কৰে ৷ সংগঠনটোৱে অসমত সংঘটিত হৈ থকা হত্যাকাণ্ড সমূহৰ বিৰুদ্ধে সৰৱ হৈ হত্যাৰ লগত জড়িত অভিযুক্তৰ ফাঁচীৰ দাবী কৰে ৷
অসমত হিন্দুৰ ভৱিষ্যত ভয়াৱহঃহিন্দু সুৰক্ষা সেনা - ঋতুপৰ্ণ পেগু
অসমত হিন্দু সুৰক্ষিত নহৈ বুলি কৈ বিগত সময়চোৱাত হাজোত সনাতন ডেকা আৰু গুৱাহাটীত ঋতুপৰ্ণ পেগুৰ লগতে কেইবাগৰাকীও লোকৰ হত্যাকাণ্ডৰ ঘটনাই ইয়াৰ প্ৰমাণ কৰিছে বুলি উল্লেখ কৰে ৷ ইয়াৰ উপৰি দোষীক কঠোৰ শাস্তি দিবৰ বাবে চৰকাৰক দাবী জনায় হিন্দু সুৰক্ষা সেনাই ৷