নলবাৰী,28 জানুৱাৰী: বুধবাৰে লহকৰপাৰা বৰদৌল প্ৰাংগণত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰা হয় ৷ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ নলবাৰী সংমণ্ডলৰ অধীনস্থ চমুখাৰ পৰা আঢ়ৈ কিঃমিঃ জৰাজীৰ্ণ মঠাউৰিৰ পুনৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰাৰ বাবে অনুষ্ঠিত কৰা সভাখনত জলসম্পদ বিভাগৰ অভিযন্তা মুকুট ডেকা,নলবাৰী সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তা প্ৰতুল পাটোৱাৰী,সহঃকাৰ্যবাহী অভিযন্তা প্ৰণৱ চেতীয়াই মঠাউৰি মেৰামতিৰ আঁচনি আৰু আৱন্টিত ধন সন্দৰ্ভত ৰাইজক অৱগত কৰে ৷ এছডিআৰএফৰ দ্বাৰা নিৰ্ধাৰিত এক কোটি পঞ্চাশ লাখ টকা আৱন্টনেৰে মুকলি কৰা হয় মঠাউৰি মেৰামতিৰ কাম ৷
উল্লেখ্য যে,সভাখনত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ উপস্থিতিত মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই মঠাউৰি মেৰামতিৰ কাম শুভাৰম্ভণি কৰাৰ কথা আছিল যদিও বিশেষ অসুবিধাৰ বাবে তেওঁলোক উপস্থিত থাকিব নোৱাৰাত ১১ নং দেহাৰকুছি গাঁও পঞ্চায়তৰ সভাপতি যোগেশ্বৰ শৰ্মাই আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে ৷ এই মঠাউৰি নিৰ্মাণৰ যোগেদি বৃহত্তৰ অঞ্চলটো বানমুক্ত হোৱাৰ আশা প্ৰকাশ কৰিছে স্থানীয় লোকসকলে ৷