নলবাৰী, 12 জানুৱাৰী: নলবাৰীৰ শুশ্ৰূষা হাস্পতালত (Nalbari Sushrusa Hospital) বুধবাৰে নিশা এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি হাস্পতাল চৌহদত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ৷ ইয়াৰ পাছতে হাস্পতালখন বন্ধি কৰি দিবলৈ দাবী জনাই ক্ষোভিত আত্মীয়ই কলে এইদৰে, "আমি হাস্পতাললৈ লৈ অহালৈ মানুহজনে নিজেই খোজ কাঢ়িয়েই আহিছিল ৷ তেওঁ বেজী নলও বুলি কোৱাৰ পিছতো তেওঁক জোৰ জবৰদস্তি বেজী দিলে ৷ বেজী দিয়েই সিহঁতে মানুহটো মাৰি পেলালে ৷ আমি হাজিৰা কৰি খোৱা মানুহ ৷ আমাৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি ? কেৱল ধনী মানুহৰহে জীয়াই থকাৰ অধিকাৰ আছে নেকি ? ধনৰ লোভত এই ঘটনা ঘটালে " ৷
ঘটনাৰ বিৱৰণি অনুসৰি, নলবাৰী জিলাৰ বৰআগ্ৰা গাঁৱৰ সৰ্বেশ্বৰ কলিতা নামৰ এজন যুৱকে বহুকেইটা ৰোগত আক্ৰান্ত হৈ থকাৰ কথা জানিব পাৰি বুধবাৰে সন্ধিয়াৰ ভাগত পৰিয়ালৰ লোকে ভৰ্তি কৰাইছিল শুশ্ৰূষা হাস্পতালত (Wrong treatment at Sushrusa Hospital)৷ চিকিৎসালয় কতৃপক্ষই চিকিৎসা আৰম্ভ কৰাৰ পিছতে ৰুগীয়া যুৱকজনৰ অৱস্থা অধিক শোচনীয় পৰে ৷ লগে লগে যুৱকজনক গুৱাহাটীলৈ ৰেফাৰ কৰে হাস্পতাল কৰ্তৃপক্ষই ৷
কিন্তু পৰিয়ালৰ লোকৰ আৰ্থিক অৱস্থা সুচল নোহোৱাত তেওঁলোকে গুৱাহাটীলৈ নিবলৈ অলপ থমকি চিন্তাত পৰে (One Death at Sushrusha Hospital ) ৷ কিন্তু পৰিয়ালৰ লোকে গুৱাহাটী নিবলৈ নাপাওঁতেই চিকিৎসালয়খনতে যুৱকজনৰ মৃত্যু হোৱাত হাহাকাৰ লাগে পৰিয়ালটোৰ মাজত । যুৱকজনৰ এই মৃত্যুক সহজভাৱে মানি লব নোৱাৰাৰ লগতে চিকিৎসকৰ ভুল চিকিৎসাৰ বাবেই যুৱকজনৰ মৃত্যু ঘটাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে ৷ পৰিয়াল আৰু আত্মীয় লোকসকলে ন্যায় বিচাৰি জবাবদিহি কৰে চিকিৎসালয় কৰ্তৃপক্ষক ।
এই ঘটনাৰ খবৰ পাই হাস্পতালখনত নলবাৰী সদৰ আৰক্ষী উপস্থিত হয় ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সোধ-পোছ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ইফালে আৰক্ষী অহাৰ পূৰ্বেই বেজী দিয়া নাৰ্ছগৰাকী হাস্পতালখনৰ পৰা পলায়ন কৰাৰ অভিযোগ পৰিয়ালৰ লোকে ৷ সম্প্ৰতি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
আৰক্ষীয়ে মৃত যুৱকজনৰ মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ লগতে আৰক্ষীয়ে মৃত যুৱকজনৰ পৰিয়ালক ন্যায় প্ৰদান কৰাৰো আশ্বাস প্ৰদান কৰিছে ৷
উল্লেখ্যে যে ৰাজ্যৰ একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসকৰ ভুল চিকিৎসাৰ বাবেই বহু লোকে মৃত্যুক সাৱতি লোৱাৰ অভিযোগ সততে উত্থাপন হৈ আহিছে ৷ ইয়াৰ পাছতো কিয় ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা চৰকাৰে উচিত তদন্তৰে এনেসমূহ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ক নিযন্ত্ৰণ কৰিব পৰা নাই, তাক লৈ চিন্তিত হৈ পৰিছে ৰাজ্যৰ সচেতন সমাজ ৷
লগতে পঢ়ক: Elephant Death in Assam : হাতীৰ মৃত্যু ৰুধিবলৈ হাতীদণ্ডিত নতুন প্ৰযুক্তি ৰে’ল বিভাগৰ