ETV Bharat / state

Shocking incident in Nalbari: প্ৰথমে বনকৰা যুৱৱতীক অন্তঃসত্বা; হাস্পতালতে মাতৃসহ সন্তানক বিক্ৰী শিক্ষকৰ

author img

By

Published : Jul 28, 2023, 12:54 PM IST

নলবাৰীত নিজৰেই সন্তান আৰু পত্নীক বিক্ৰী কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে ৷ নলবাৰীৰ পূব অৰৰাৰ এই অভিযুক্ত ব্যক্তিজনৰ নাম মানবেন্দ্ৰ ভৰালী বুলি জানিব পৰা গৈছে ৷

Shocking incident in Nalbari
নলবাৰীত চাঞ্চল্যকৰ ঘটনা
নিজৰেই সন্তান আৰু পত্নীক বিক্ৰী কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে

নলবাৰী, 28 জুলাই : নলবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ নিজৰেই সন্তান আৰু পত্নীক বিক্ৰী কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে ৷ অৱশেষত পলাই আহি নিজ গৃহত উপস্থিত হ'ল ভুক্তভোগী যুৱতী ৷

শেহতীয়াকৈ নলবাৰীত পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনা ৷ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী যুৱতীৰ জীৱনক লৈ হেতালি এজনৰ ৷ নলবাৰীৰ পূব অৰৰাৰ এই অভিযুক্ত ব্যক্তিজনৰ নাম মানবেন্দ্ৰ ভৰালী ৷ সাজ-সজ্জ্বাৰে বেছ ভদ্ৰলোক যেন লগা এই ব্যক্তিজনৰ বিৰুদ্ধে উত্থাপন হৈছে এক ভয়ংকৰ অভিযোগ ৷ এসময়ত শিক্ষকতা বৃত্তিৰ সৈতে জড়িত এইজন মানবেন্দ্ৰ ভৰালীয়ে সংঘটিত কৰিছে শুনিলেই নাক-কাণ কোঁচ খাই যোৱা ঘটনা ৷

জানিব পৰা মতে মানৱেন্দ্ৰই ভৰালীয়ে বন কৰা হিচাবে নিজ গৃহত নিয়োগ কৰিছিল এগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ যুৱতী ৷ কিন্তু মানবেন্দ্ৰই যুৱতীগৰাকীৰে ২০২১ চনত বলপূৰ্বক শাৰীৰিক সম্পৰ্ক স্থাপন কৰি অন্তঃসত্বা কৰে ৷ পৰৱৰ্তী সময়ত এই ঘটনা পোহৰলৈ অহাত ৰাইজৰ হেঁচাত সামাজিকভাৱে ২০২১ চনৰেই ১৯ ডিচেম্বৰতত যুৱতী গৰাকীৰে বিবাহ সম্পন্ন হয় মানবেন্দ্ৰৰ ৷

বিবাহৰ কেইদিমান পাছতে মানবেন্দ্ৰই দিছপুৰ পলিক্লিনিকত ভৰ্তি কৰোৱাই অন্তঃসত্বা যুৱতী তথা নিজৰ দ্বিতীয় পত্নীক ৷ ইয়াতেই যুৱতীগৰাকীয়ে অস্ত্ৰোপচাৰ পদ্ধতিৰে এটি সন্তান প্ৰসৱ কৰে ৷ কিন্তু সন্তানটি জন্মৰ পাছতে মানবেন্দ্ৰই হাস্পতালতে বিক্ৰী কৰাৰ অভিযোগ দ্বিতীয় পত্নীৰ ৷ আনহাতে হাস্পতালৰ পৰা মোকোলাই পত্নীকো নগাঁৱত বিক্ৰী কৰা বুলি এজাহাৰত উল্লেখ কৰিছে দ্বিতীয় পত্নীয়ে ৷

প্ৰায় দুবছৰ ধৰি নগাঁৱৰ কোনো ব্যক্তিৰ ঘৰত বন কৰা হিচাবে থকা যুৱতীগৰাকীয়ে তাৰ পৰা পলাই আহি নিজ গৃহত উপস্থিত হোৱাত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী যুৱতী গৰাকীয়ে নলবাৰী সদৰ আৰক্ষী থানাত ৰুজু কৰিছে এক গোচৰ ৷ অৱশ্যে ঘটনাৰ স্থান দিছপুৰ পলিক্লিনিক হোৱা হেতুকে নলবাৰী আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত পঞ্জীয়ন কৰিছে এখন জিৰ' এফ আই আৰ ৷ এই ঘটনা পোহৰলৈ অহাৰ পাছত স্থানীয় ৰাইজে এতিয়া বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰি দুৰ্ভগীয়া দৰিদ্ৰ যুৱতী গৰাকীক ন্যায় প্ৰদান কৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক : Awareness rally against Manipur incident : নাৰী নিৰ্যাতনৰ বিৰুদ্ধে ডুমডুমাত শ শ মহিলাৰ শান্তি সমদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.