ETV Bharat / state

নলবাৰীত শিক্ষকৰ নিৰ্যাতন সহিব নোৱাৰি ছাত্ৰীৰ আত্মহত্যাৰ চেষ্টা

author img

By

Published : Aug 17, 2022, 1:31 PM IST

নলবাৰী জিলাৰ বানেকুছিস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ৰ(Jawahar Navodaya Vidyalaya in Nalbari)বিৰুদ্ধে বিগত সময়ত উত্থাপিত হৈ আহিছে বহুতো অভিযোগ । শেহতীয়াভাবে উক্ত বিদ্যালয়খনৰ ছাত্ৰী এগৰাকীয়ে কেইদিনমান পূৰ্বে শিক্ষকৰ শাৰীৰিক-মানসিক নিৰ্যাতন সহিব নোৱাৰি হোষ্টেলৰ ভিতৰতে আত্মহত্যাৰ চেষ্টা চলোৱাৰ ঘটনা পোহৰলৈ আহিছে ।

Jawahar Navodaya Vidyalaya in Nalbari
নলবাৰীত শিক্ষকৰ নিৰ্যাতন সহিব নোৱাৰি ছাত্ৰীৰ আত্মহত্যাৰ প্ৰচেষ্টা

নলবাৰী, ১৭ আগষ্ট: সঘনাই বিতৰ্কৰ মাজত থকা নলবাৰী জিলাৰ বানেকুছিস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা(Jawahar Navodaya Vidyalaya in Nalbari)। শিক্ষকৰ নিৰ্যাতন সহিব নোৱাৰি এগৰাকী ছাত্ৰীয়ে আত্মহত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে(Student attempt to suicide in Nalbari)। ইপিনে,আন দুগৰাকী ছাত্ৰীয়েও শিক্ষকৰ মানসিক নিৰ্যাতনৰ সম্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰিছে । ঘটনাৰ বিৱৰণী অনুসৰি উক্ত বিদ্যালয়খনৰ হোষ্টেলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ।

উত্থাপিত অভিযোগ মতে,উক্ত বিদ্যালয়খনত অধ্যয়নৰত নলবাৰীৰ ছাত্ৰী এগৰাকীয়ে কেইদিনমান পূৰ্বে শিক্ষকৰ শাৰীৰিক-মানসিক নিৰ্যাতন সহিব নোৱাৰি হোষ্টেলৰ ভিতৰতে আত্মহত্যাৰ প্ৰচেষ্টা চলাইছিল । বিদ্যালয়খনৰ অধ্যক্ষ অজিত কুমাৰৰ সু-পৰিচালনাৰ অভাৱত এনে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে । উল্লেখ্য় যে এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতো বিদ্যালয় কৰ্তৃপক্ষই বিষয়টো গাপ দি ৰখাৰ চেষ্টা চলাইছিল । পিছত নিৰ্যাতনৰ বলি হোৱা ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগত সমগ্ৰ ঘটনাটো অৱগত কৰে । এনে অভিযোগৰ পিছতে মঙলবাৰে বিয়লিৰ ভাগত মানৱ অধিকাৰ আয়োগৰ(Assam Human Rights Commission)এটা সজাতি দল বিদ্যালয়খনত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

ইফালে, উক্ত ঘটনাটো সন্দৰ্ভত কোনো মন্তব্য় আগবঢ়োৱাৰ পৰা বিৰত আছে অধ্যক্ষ অজিত কুমাৰ । অধ্যক্ষগৰাকীয়ে বিষয়টো ৰাজহুৱা কৰাৰ পৰা আঁতৰি থাকি বৰং তেনে কোনো ঘটনা সংঘটিত হোৱা নাই বুলিহে মন্তব্য় কৰিছে । বিদ্যালয়খন সুচাৰুৰূপে পৰিচালনাত ব্যৰ্থ হোৱাৰ অভিযোগ উঠা অধ্যক্ষ অজিত কুমাৰে নিজক বচাবলৈ চেষ্টা কৰিলেও ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ দলটোৰ তদন্তত ওলাই পৰিব ছাত্ৰীক নিৰ্যাতন চলোৱাৰ সমস্ত ঘটনা ।

লগতে পঢ়ক:নাহৰকটীয়াত ছাত্ৰীৰ আত্মহত্যা ঘটনাৰ নতুন মোৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.