ETV Bharat / state

কাঠফলা মিলৰ পৰা মাহিলী হিচাপত কমিচন সংগ্ৰহ কৰে বন বিভাগে ! - Nalbari forest department

নলবাৰীত দীৰ্ঘদিনৰ পৰা বন বিভাগৰ ছত্ৰছায়াত চলিছে লুণ্ঠনৰাজ । এক ষ্টিং অপাৰেচনত ফাদিল হৈছে বন বিভাগ আৰু কাঠফলা মিলৰ গৰাকীৰ মাজত থকা বুজাবুজিৰ কাহিনী ৷ জিলাখনৰ অবৈধ কাঠফলা মিলৰ পৰা বিভাগে মাহিলী হিচাপত মধ্যভোগীৰ হতুৱাই আদায় কৰে ধন ।

String operation against forest department nalbari for their corruption assam etv bharat news
বন বিভাগৰ কমিছনৰাজ
author img

By

Published : Jun 11, 2020, 1:47 PM IST

Updated : Jun 11, 2020, 5:25 PM IST

নলবাৰী,11 জুন: চৰকাৰে যিমানে ঘোষণা কৰিছে বন সুৰক্ষাৰ কথা সিমানে ৰাজ্যত লুণ্ঠন অব্যাহত আছে বনজ সম্পদৰ ৷ বনজ সম্পদৰ লুণ্ঠনেৰে জেপ গৰম কৰি আহিছে বিভাগৰ একাংশ বৰমূৰীয়াই । নলবাৰীতো মাহিলী হিচাপত বন বিভাগৰ লোকে কেইবাটাও কাঠফলা মিলৰ জৰিয়তে সংগ্ৰহ কৰে লক্ষাধিক ধন । জিলাখনৰ বন বিভাগৰ ৰেঞ্জাৰ মৃণালজ্যোতি মেধিৰ নেতৃত্বত চলিছে এই ধন সংগ্ৰহৰ প্ৰক্ৰিয়া । উল্লেখ্য যে, কমিছনলোভী ৰেঞ্জাৰ গৰাকী নিয়োজিত হৈ আছে হাজোৰ বন বিভাগৰ দায়িত্বত ৷ এক ষ্টিং অপাৰেচনৰ জৰিয়তে পোহৰলৈ আহিছে এই সমস্ত তথ্য ৷

বন বিভাগৰ জ্ঞাতসাৰে নলবাৰীত মুকলিমুৰীয়াকৈ চলি আছে একাংশ অবৈধ কাঠফলা মিল । সাংবাদিকে চলোৱা অনুসন্ধানত বন বিভাগ আৰু কাঠফলা মিলৰ গৰাকীৰে হোৱা বুজাবুজিৰ কথা প্ৰকাশ পাইছে স্পষ্টভাৱে ৷ জিলাখনৰ বৰভাগৰ এটি কাঠফলা মিলৰ পৰা মাহিলী হিচাপত বন বিভাগে সংগ্ৰহ কৰে ধন ৷ বৰকুলহাটীত থকা এই কাঠফলা মিলটোৰ স্বত্বাধিকাৰী দীনেশ কলিতাৰ মুখেৰে প্ৰকাশ পাইছে বন বিভাগৰ কমিছনৰাজৰ কাহিনী ৷

ফাদিল বন বিভাগৰ কমিছনৰাজ

উল্লেখ্য যে, অঞ্চলটোত থকা দহটাতকৈও অধিক কাঠফলা মিলৰ পৰা বন বিভাগে মধ্যভোগীৰ হতুৱাই দীৰ্ঘদিনৰ পৰা সংগ্ৰহ কৰি আহিছে ধন । অৱশ্যে এই বিষয়ে চলোৱা অভিযানৰ খবৰ লাভ কৰা মাত্ৰকে পলায়ন কৰে অঞ্চলটোৰ আন কেইবাটাও মিলৰ স্বত্বাধিকাৰীসকল । এতিয়া এনেদৰে নলবাৰীত বন বিভাগৰ ছত্ৰছায়াত কমিছনৰ বিনিময়ত চলিছে বহুকেইটা অবৈধ কাঠফলা মিল ।

লগতে চাওকঃ অসম তৈল খাদ অগ্নিকাণ্ড : গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

Last Updated : Jun 11, 2020, 5:25 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.