ETV Bharat / state

সদৌ অসম কলিতা ছাত্ৰ সন্থাৰ 'পথাৰলৈ বলক' কাৰ্যসূচী ৰূপায়ন

author img

By

Published : Aug 8, 2020, 7:24 PM IST

শুকুৰবাৰে নলবাৰীত সদৌ অসম কলিতা ছাত্ৰ সন্থাই ৰূপায়ন কৰে 'পথাৰলৈ বলক' শাীৰ্ষক কাৰ্যসূচী ৷ নিবনুৱা লোকসকলক স্বাৱলম্বী কৰি তোলাৰ লগতে, কৃষিৰ পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত এই কাৰ্যসূচী গ্ৰহণ ছাত্ৰ সংগঠনটোৰ ৷

'পথাৰলৈ বলক'
'পথাৰলৈ বলক'

নলবাৰী, 8 আগষ্ট: বিশ্বজুৰি অব্যাহত কৰ'ণা মহামাৰীৰ ত্ৰাসৰ বাবে বহিঃৰাজ্যত কৰ্মৰত বহু যুৱক অসমলৈ ঘূৰি আহি হৈ পৰিছে নিবনুৱা ৷ যাৰ প্ৰতি লক্ষ্য ৰাখি সদৌ অসম কলিতা ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে পদক্ষেপ ৷ কেনেদৰে কৃষিকাৰ্যৰে নিবনুৱা লোকসকলক স্বাৱলম্বী কৰি তোলাৰ লগতে, কৃষিৰ পৰম্পৰা ৰক্ষা কৰিব পাৰি সেই বিষয়ত গুৰুত্ব প্ৰদান কৰি তেওঁলোকে শুকুবাৰে 'পথাৰলৈ বলক' শীৰ্ষক এক কাৰ্যসূচী গ্ৰহণ কৰে ৷ 6 জুলাইত গুৱাহাটীৰ ধাৰাপুৰ অঞ্চলৰ পৰা আৰম্ভ কৰা এই কাৰ্যসূচী শুকুৰবাৰে ৰূপায়ন কৰা হয় নলবাৰীতো ৷

নলবাৰীত 'পথাৰলৈ বলক' কাৰ্যসূচী ৰূপায়ন সদৌ অসম কলিতা ছাত্ৰ সন্থাৰ

সদৌ নলবাৰী জিলা কলিতা ছাত্ৰ সন্থাৰ সদস্য সকলে ইতিমধ্যে নলবাৰীত কৃষিকাৰ্য আৰম্ভ কৰি বজাৰ আৰু পথাৰ দখলৰ লক্ষ্য লৈছে ৷ খিলঞ্জীয়া লোকৰ মাটি যাতে কোনো বহিৰাগত লোকে দখল কৰিব নোৱাৰে, অসমৰ মাটিত যেন খিলঞ্জীয়াৰ আধিপত্য সদায় বিৰাজমান থাকে সেই লক্ষ্যত উপনীত হোৱাৰ চেষ্টা কৰিছে কৃষিকৰ্মৰ জৰিয়তে ৷ কৃষিকৰ্মৰে স্বাৱলম্বী হোৱাৰ লক্ষ্য সদৌ অসম কলিতা ছাত্ৰ সন্থাৰ ৷ যুৱ চামক কেৱল চাকৰিমুখী নহৈ কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰতো আগবাঢ়ি আহিবলৈ আহ্বান জনায় সংগঠনটোৰ কৰ্মকৰ্তা সকলে ৷ অসমৰ প্ৰতিখন জিলাতে এই কাৰ্যসূচী ৰূপায়নৰ পদক্ষেপ গ্ৰহণ কৰিছে সদৌ অসম কলিতা ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক: বিধ্বংসী বানত জুৰুলা কৃষকৰ জীৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.