নলবাৰী, 30 মাৰ্চ : তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সোমবাৰে নলবাৰীত মিত্ৰজোঁটৰ প্ৰাৰ্থী নাৰায়ণ ডেকাৰ হৈ ৰণডংকা বজালে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে । বিজেপি নেত্ৰীগৰাকীয়ে নলবাৰীৰ বৰভাগত আয়োজিত নিৰ্বাচনী সভাত অংশ লৈ বিধায়ক নাৰায়ণ ডেকাই সমষ্টিৰ যথেষ্ট উন্নতি কৰিছে বুলি উল্লেখ কৰি বিজেপি চৰকাৰে চাৰিওফালে বিকাশ সাধন কৰিছে বুলি মন্তব্য কৰে ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, মোদী চৰকাৰে আয়ুস্মান যোজনা ৰূপায়ন কৰি দুখীয়াৰ উন্নতি সাধন কৰিছে । প্ৰধানমন্ত্ৰী মোদী হৈছে দেশৰ প্ৰধান সেৱক । কংগ্ৰেছ চৰকাৰে এটা শৌচালয় নিৰ্মাণ কৰিব পৰা নাই । দুখীয়াৰ ধন কাঢ়ি নিজৰ পেট ভৰাইছে কংগ্ৰেছে । 70 হাজাৰ বৃদ্ধ লোকৰ নামত ভুৱা পেঞ্চন দিয়া দেখুৱা হৈছে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, কংগ্ৰেছে দুখীয়াৰ ধন লুটিছে । শিশুৰ খাদ্যৰ নামতো লুটপাত চলাইছে ৷ ক’ভিডৰ সময়ত বিজেপিয়ে আঠমাহ বিনামূলীয়া ৰেচন যোগান ধৰিছে । মহিলাৰ একাউন্টত ধন দিছে ।
লগতে পঢ়ক : ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ অদীপ কুমাৰ ফুকনৰ