ETV Bharat / state

Silver Jubilee of Garkhia Gopal Mandir Thana: নলবাৰীত এখন কৃত্ৰিম গাঁৱত ৰাইজৰ ভিৰ - Exceptional village in Nalbari

এখন হেৰাই যোৱা পুৰণি গাঁও দেখি নলবাৰীত আৱেগিক হৈছে ৰাইজ । পোৰাকুছিৰ গৰখীয়া গোপাল মন্দিৰ থানৰ সভাৰ ৰূপালী জয়ন্তীত এই কৃত্ৰিম গাঁওখনি চাবলৈ ওলাই আহিছে ৰাইজ (Silver Jubilee of Garkhia Gopal Mandir Thana in Nalbari) ।

Exceptional village in Nalbari
নলবাৰীত এখন হেৰাই যোৱা পুৰণি গাঁও
author img

By

Published : Mar 4, 2023, 9:00 PM IST

নলবাৰীত এখন হেৰাই যোৱা পুৰণি গাঁও

নলবাৰী : ৪ মাৰ্চ: নলবাৰী জিলাৰ পোৰাকুছিৰ গৰখীয়া গোপাল মন্দিৰ থানৰ সভাৰ ৰূপালী জয়ন্তী বৰ্ষ শনিবাৰৰ পৰা আৰম্ভ হৈছে (Silver jubilee of Garkhia Gopal Mandir Thana in Porakusi)। এই উপলক্ষে প্ৰথম দিনা বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয় । ১৯৫০ চনত স্থাপিত পোৰাকুছিৰ গৰখীয়া গোপাল মন্দিৰ থানৰ সভাৰ ৰূপালী জয়ন্তী তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে । এই উপলক্ষে পতাকা উত্তোলন কৰা হয় । ইয়াৰ সৈতে সংগতি ৰাখি গ্ৰন্থমেলাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে ।

পোৰাকুছিৰ গৰখীয়া গোপাল মন্দিৰ থানৰ সভাৰ ৰূপালী জয়ন্তীৰ সৈতে সংগতি ৰাখি নলবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে সাজি উলিওৱা হৈছে এখনি পুৰণি কৃত্ৰিম গাঁও (Exceptional village in Nalbari)। বাঁহ খেৰৰ মূল ঘৰ, চ'ৰাঘৰ, শতিকা প্ৰাচীন গৰখীয়া নামঘৰ, ভঁৰালঘৰ, গোহালি, পঢ়াশালি, মেজি, ঢেঁকীশাল, কলপাতৰ চামিয়ানাৰে বিয়াৰ ৰভাতলী, গাঁৱৰ মাজত এটি কুঁৱা, উৰি যোৱা এজাক বগলী আৰু পুৰণি খেতিৰ সঁজুলিৰে সপোনৰ এখন গাঁও ।

এই গাঁৱখন বয়োজ্যেষ্ঠসকলৰ বাবে এতিয়া নষ্টালজিয়া । কাৰণ এনে অসমীয়া গাঁও এতিয়া অসমত বিৰল । কিন্তু তেনে এখন গাঁও চাবলৈ মানুহৰ হেতা ওপৰা লাগিছে পূৱ নলবাৰী কলেজ বাকৰিত (Book Fair in East Nalbari College )। পোৰাকুছিৰ গৰখীয়া গোপাল মন্দিৰ থানৰ সভাৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে কবি প্ৰণৱ কুমাৰ বৰ্মনৰ নেতৃত্বত পোৰাকুছিৰ যুৱ সমাজে গ্ৰন্থমেলা আয়োজন কৰি এনে এখন আকৰ্ষণীয় গাঁও বাঁহ-খেৰেৰে নিৰ্মাণ কৰি উলিয়াইছে । এখন কৃত্ৰিম নদীৰ ওপৰত দুখনকৈ বাঁহৰ দলং আৰু এখন সাঁকোৱে এই কৃত্ৰিম গাঁৱখনৰ সৌন্দৰ্য দুগুণ বঢ়াইছে ।

এতিয়া এই গাঁওখন প্ৰত্য়ক্ষ কৰিবলৈ নৱ প্ৰজন্মইও ভিৰ কৰিছে । বয়োজ্যেষ্ঠসকল আৱেগিক হৈ উঠিছে হেৰুওৱা গাঁওখন দেখি । এতিয়া নলবাৰীৰ সকলোৰে মুখে মুখে পোৰাকুছি গ্ৰন্থমেলাৰ এই গাঁৱখনৰ কথা । গ্ৰন্থমেলাখন পাঁচ মাৰ্চলৈ চলিব বুলি উদ্যোক্তা অৰবিন্দ বৰ্মনে জানিবলৈ দিয়ে ।

লগতে পঢ়ক:Sexual harassment case: নিচাযুক্ত দ্ৰব্য খুৱাই কিশোৰীক যৌন নিৰ্যাতন; আত্মীয়লৈ অভিযোগৰ আঙুলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.