নলবাৰী, 29 ছেপ্তেম্বৰ : অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পৰীক্ষাৰ নিযুক্তি কেলেংকাৰীত ইতিমধ্যে সাঙোৰ খাইছে উচ্চ প্ৰদস্থ বিষয়াৰ পৰা আগতীয়াকৈ পৰীক্ষাত বহা বহুতো পৰীক্ষাৰ্থীৰ নাম ৷ ইতিমধ্যে,নলবাৰী আৰু কামৰূপৰ ৰামপুৰৰ পৰা গ্ৰেপ্তাৰ হৈছে বহু কেইগৰাকী পৰীক্ষাৰ্থী ৷
নলবাৰীৰ পৰা গ্ৰেপ্তাৰ হোৱা হৰকৎ আলী নামৰ পৰীক্ষাৰ্থী গৰাকীয়ে শেহতীয়াকৈ মন্তব্য প্ৰদান কৰিছে পৰীক্ষা সন্দৰ্ভত ৷ নলবাৰী চিভিল হাস্পতাললৈ স্বাস্থ্য পৰীক্ষা কৰিবলৈ অনাৰ সময়ত সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰিছে পৰীক্ষাৰ্থী গৰাকীয়ে ৷
পৰীক্ষাৰ্থী গৰাকীৰ মন্তব্য অনুসৰি,তেওঁলোকৰ একো দোষ নাই ৷ তেওঁলোকক চাকৰিৰ বাবে অন্য লোকে প্ৰলোভন দিছিলে যাৰ বাবে তেওঁলোকে আগতীয়াকৈ টকা উৎকোচ দি পৰীক্ষাত বহা বুলি উল্লেখ কৰিলে ৷ লগতে,সামান্য ভুলৰ বাবে তেওঁলোকৰ জীৱন ধংস নকৰিবলৈ আহ্বান জনাই পৰীক্ষাৰ্থী গৰাকীয়ে ৷
লগতে পঢ়ক : গ্ৰীণ ইণ্ডিয়া চেলেঞ্জ : ৰামোজী ফিল্ম চিটীত গছপুলি ৰোপন ছনু চুডৰ