ETV Bharat / state

নলবাৰীত পথ নিৰ্মাণত দুৰ্নীতিঃ বিধ্বস্ত হৈ পৰিছে বাট পথ

author img

By

Published : Sep 21, 2019, 12:42 PM IST

নলবাৰীৰ কটৰাৰ পৰা খানাজান হৈ কৈৰাৰাৰ মাজেৰে 31 নং ৰাষ্ট্ৰীয় ঘাইপথত সংলগ্ন হৈ থকা পথটোৰ বিধ্বস্ত ৰূপে অঞ্চলবাসীক যমৰ-যাতনা ভুগাইছে৷ পথটো নিৰ্মাণ কৰা ঠিকাদাৰৰ মুনাফালোভী চৰিত্ৰ আৰু গাফিলতিৰ বাবেই পথটোৰ এনে শোচনীয় অৱস্থা হোৱাৰ অভিযোগ ৰাইজৰ৷

নলবাৰীত পথ নিৰ্মাণত দুৰ্নীতি

নলবাৰী, 21 চেপ্টেম্বৰঃ নলবাৰী জিলাৰ কটৰাৰ পৰা খানাজান হৈ কৈৰাৰাৰ মাজেৰে 31 নং ৰাষ্ট্ৰীয় ঘাইপথত সংলগ্ন হৈ থকা পথটো সম্প্ৰতি বিধ্বস্ত৷ জিলা খনৰ মইনুল আলী আৰু ইয়াকুব আলী নামৰ দুই ভাতৃ ঠিকাদাৰে পথটো নিৰ্মাণত ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ গাঁওবাসীৰ ৷

নলবাৰীত পথ নিৰ্মাণত দুৰ্নীতি

তথ্যানুসৰি 6 কিলোমিটাৰৰ এই পথচোৱা নিৰ্মাণৰ বাবে 1 কোটি টকা চৰকাৰীভাৱে আৱন্তন হৈছিল ৷ নলবাৰীৰ মইনুল আলী আৰু ইয়াকুব আলী নামৰ দুই ভাতৃ ঠিকাদাৰ এই পথটো নিৰ্মাণৰ দায়িত্বত আছিল ৷ কিন্তু গাঁওবাসীয়ে জনোৱা অনুসৰি পথটো নিৰ্মাণৰ এসপ্তাহ নৌহওতেই বখলা-বখলে পথটো খহি গৈছে ৷ ৰাইজৰ অভিযোগ, ঠিকাদাৰ ভাতৃদ্বয়ে পথ নিৰ্মাণত দুৰ্নীতি কৰাৰ বাবে নিৰ্মাণৰত পথটো বখলা-বখলে খহি গৈছে ৷ সেয়ে এতিয়া ক্ষোভিত ৰাইজে এই সন্দৰ্ভত বিভাগীয় কতৃপক্ষ আৰু গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে ৷

Intro:নলবাৰীত পথ নিৰ্মাণত দুৰ্নীতি।Body:নলবাৰীত বিধ্বস্ত হৈ পৰিছে বাট পথ । একমাত্ৰ ঠিকাদাৰৰ মুনাফালোভী চৰিত্ৰ আৰু গাফিলতিৰ বাবেই এতিয়া পথ গুচি হৈছে পুখুৰী । এই পথটোলৈ মন কৰক । নলবাৰীৰ কটৰাৰ পৰা খানাজান হৈ কৈৰাৰাৰ মাজেৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংলগ্ন পথ এইটো । নলবাৰীৰে ঠিকাদাৰ মইনুল আলী আৰু ইয়াকুব আলী নামৰ দুই ভাতৃ ঠিকাদাৰে নিৰ্মান কৰা এই পথটোলৈ ভালকৈ মন কৰক । এফালে পিটচ কৰি গৈছে আৰু আনফালে এইদৰে বখলা বখলে এৰাইছে পিটচ । কেমেৰাৰ সম্মুখতে এইদৰে এৰাইছে নিৰ্মাণ ৰত পথ । আৰু এইদৰে পথ নিৰ্মাণ কৰাত এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ । স্থানীয় ৰাইজে এই পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি হোৱা বুলি অভিযোগ কৰিছে৷নিৰ্মাণৰ মাত্ৰ এসপ্তাহ কি ডেৰ সপ্তাহৰ পিছতে এইদৰে কলা কম্বলৰ নিচিনাকৈ পথচোৱা উঠি যোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় লোক৷উল্লেখযোগ্য যে প্ৰায় ৬ কিলমিটাৰ যোৰা পথচোৱা নিৰ্মাণৰ নামত প্ৰায় এক কোটি টকা চৰকাৰীভাৱে আৱন্তন হৈছিল যদিও ঠিকাদাৰ দুই ভাতৃয়ে মিলি চৰকাৰী ধনৰ শ্ৰাদ্ধ পাতিবলৈহে এতিয়া উঠিপৰি লগা পৰিলক্ষিত হৈছে৷Conclusion:কৈলাস ডেকা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.