ETV Bharat / state

কংগ্ৰেছে হিন্দু সমাজক এক হ’বলৈ নিদিয়ে : সত্যৰঞ্জন বৰা - AIUDF

কংগ্ৰেছ আজি শংকিত, কংগ্ৰেছে এআইইউডিএফৰ দৰে এটা সাম্প্ৰদায়িক দলৰ সৈতে মিত্ৰতা কৰিছে ৷ যি ইছলামৰ হাতত বিক্ৰী হোৱা এটা দল ৷ নলবাৰীত উপস্থিত হৈ পুনৰ বিতৰ্কমূলক মন্তব্য় সত্যৰঞ্জন বৰাৰ ৷

controversial comment
controversial comment
author img

By

Published : Sep 10, 2020, 12:51 PM IST

নলবাৰী, 10 ছেপ্টেম্বৰ : নলবাৰীত জন্মাষ্টমী উপলক্ষে আয়োজিত এক অনুষ্ঠানত পুনৰ বিতৰ্কিত মন্তব্য আগবঢ়াইছে সত্যৰঞ্জন বৰাই ৷ উগ্ৰ হিন্দুত্ববাদী নেতা গৰাকীয়ে কয় যে হিন্দু সকল ভাৰতবৰ্ষৰ সংস্কৃতি-সভ্যতাৰ অবিচ্ছেদ্য অংগ ৷ ‘‘ভাৰতবৰ্ষত সংস্কৃতি-সভ্যতা নাথাকিলে আমি থাকিব নোৱাৰো আৰু আমি অকলশৰে যে ইছলামিক অগ্ৰাসনৰ বিৰুদ্ধে যুজিব নোৱাৰোঁ, এই কথাটো সকলো হিন্দুৱে উপলব্ধি কৰা উচিত’’ ৷

কংগ্ৰেছে হিন্দু সমাজক এক হ’বলৈ নিদিয়ে : সত্যৰঞ্জন বৰা

আনহাতে বৰাই অসমত সংঘটিত লাভ জেহাদ সন্দৰ্ভত কয় যে, অসমত লাভ জেহাদ আগৰে পৰা হৈ আছে ৷ কিন্তু এতিয়া হিন্দু সকল জাগ্ৰত হোৱা বাবে সকলোৱে গম পাইছে ৷ গতিকে মাছৰ যেনেকৈ উজান উঠিছে এই উজান আমি একেটা কোবতে শেষ কৰিম বুলি কয় বৰাই ৷ অৱশ্যে হাজোৰ ঘটনাটো সন্দৰ্ভত সাংবাদিকে জানিব বিচৰাত সত্যৰঞ্জন বৰাই কয় যে হাজোৰ ঘটনাটো এটা পৰিকল্পিত ঘটনা ৷ ইয়াত হাজোৰ ব্লক কংগ্ৰেছ জড়িত আছে ৷

কংগ্ৰেছ আজি শংকিত, কংগ্ৰেছে এআইইউডিএফৰ দৰে এটা সাম্প্ৰদায়িক দলৰ সৈতে মিত্ৰতা কৰিছে ৷ যি ইছলামৰ হাতত বিক্ৰী হোৱা এটা দল ৷ কংগ্ৰেছে হিন্দু সমাজক কেতিয়াও এক হ’বলৈ নিদিয়ে ৷ আনহাতে শীঘ্ৰে অসমৰ মাদ্ৰাছা সমুহৰ পৰা মাইক সমুহ আঁতৰ কৰিব লাগিব বুলিও কয় সত্যৰঞ্জন বৰাই ৷ ন্যায়লয়ৰ এই ৰায় মানিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে, হজৰত মহম্মদে মাইক আবিষ্কাৰ কৰা নাছিল ৷ তেনেহল মাদ্ৰাছা সমুহত মাইক কিয় বুলি প্ৰশ্ন তুলিছে উগ্ৰ হিন্দীত্ববাদী নেতাগৰাকীয়ে ৷

লগতে পঢ়ক : উদীয়মান ক্ৰিকেটাৰ বিভাকৰ নাগলৈ সতীৰ্থ খেলুৱৈ আৰু অনুৰাগীৰ শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.