ETV Bharat / state

পূৱ-বনভাগ গাঁও পঞ্চায়তৰ বিভিন্ন স্থানত ছেনিটাইজেছন

author img

By

Published : May 27, 2021, 9:42 AM IST

নলবাৰী জিলাৰ বৰাজোলৰ অন্তৰ্গত ভিন্ন অঞ্চলত ছেনিটাইজন কাৰ্যসূচী ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ আহ্বানক আগত ৰাখি বৰাজোলৰ এক বৃহৎ অঞ্চল চেনিটাইজ কৰা হয় ৷

বনভাগ গাঁও পঞ্চায়তৰ বিভিন্ন স্থানত ছেনিটাইজেছন

নলবাৰী,27 মে’: ৰাজ্যত সান্ধ্য আইন আৰু আংশিক লক ডাউন অব্যাহত থকাৰ মাজতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৰাজ্যৰ পঞ্চায়তসমূহৰ অধীনষ্ঠ এলেকাত ছেনিটাইজ কৰিবলৈ আহ্বান জনাইছিল ৷ সমান্তৰালকৈ নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱায়েও একে আহ্বান জনায় ৷ এই নিৰ্দেশনা জাৰি কৰাৰ পিছতে তৎপৰ হৈ পৰে ৰাজ্যৰ প্ৰায়সংখ্যক পঞ্চায়ত ৷

Sanitization at various places of nalbari assam etv bharat news
কৰ’ণাৰ সংক্ৰমণ হ্ৰাসৰ চেষ্টা

এই উদ্দেশ্য আগত ৰাখি বুধবাৰে নলবাৰীৰ বড়িগোগ-বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰাজোলস্থিত পূৱ বনভাগ গাঁও পঞ্চায়তৰ উদ্যোগত অগ্নি নিৰ্বাপক বিভাগে পঞ্চায়তখনৰ বিভিন্ন ঠাই চেনিটাইজ কৰে ৷ কাৰ্যসূচী অনুসৰি দলুৱা বিষ্ণুজ্যোতি হাইস্কুল, হৰিমন্দিৰ, বাৰঘৰীয়া গোপাল থান, পূৱ বনভাগ গাঁও পঞ্চায়ত, বড়িগোগ-বনভাগ উন্নয়ন খণ্ডৰ কাৰ্যালয়, কৃষি বিভাগৰ কাৰ্যালয়, বৰাজোলস্থিত পঞ্জাৱ নেচনেল বেংক, বৰাজোল হাইস্কুল, ছোৱালী হাইস্কুল, মাদ্ৰাছা, বৰাজোল চ'ক, সাপ্তাহিক বজাৰ, বৰাজোল ডাকঘৰৰ উপৰিও বিভিন্ন ৰাজহুৱা তথা চৰকাৰী-বেচৰকাৰী অনুষ্ঠানসমুহৰ চৌহদৰ লগতে একাংশ জনবসতি অঞ্চল চেনিটাইজ কৰা হয় ৷ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে পূৱ বনভাগ গাঁও পঞ্চায়তৰ সভানেত্ৰী নমিতা ৰাজবংশী, সচিব কৰুণা কলিতাৰ লগতে বিজেপিৰ একাংশ নেতা-কৰ্মীয়ে ৷

বিভিন্ন স্থানত ছেনিটাইজেছন

লগতে চাওকঃ সম্পূৰ্ণ হোৱাৰ পথত বিশ্বৰ অন্যতম পথ সংযোগী সুৰংগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.