ETV Bharat / state

অসহায় বানাক্ৰান্তৰ নৈ পূজন - পাগলাদিয়া নৈ

সংহাৰী বানৰ পৰা পৰিত্ৰাণ বিচাৰি পাগলাদিয়া নৈত পূজা-অৰ্চনা নলবাৰী-বাক্সা জিলাৰ সীমান্তৰ গাঁওবাসীৰ ৷

অসহায় বানাক্ৰান্তৰ নৈ পূজন
author img

By

Published : Jul 31, 2019, 4:17 AM IST

নলবাৰী,31 জুলাইঃ নেৰা-নেপেৰা বৰষুণ আৰু ভূটানে এৰি দিয়া বান্ধৰ পানীৰ ফলত পাগলাদিয়া নৈ ৰ জলপৃষ্ঠ বৃদ্ধিয়ে প্ৰলয়ংকাৰী বানৰ সৃষ্টি কৰিছে নলবাৰী-বাক্সা জিলাৰ সীমান্তৱৰ্তী গাঁও সমূহত ৷ ইতিমধ্যে,বানত বুৰ গৈছে বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত সুন্দৰপুৰ, জাৰতালুক, গোৱালবিলকে ধৰি প্ৰায় পোন্ধৰ খন গাঁও ৷ যোৱা এমাহ ধৰি কেইবাটাও বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে গাঁওখনৰ কেইবাটাও পৰিয়াল ৷ নষ্ট হৈছে সেউজীয়া খেতি পথাৰ, ধ্বংস হৈছে কেইবাটাও বাসগৃহ ৷

অসহায় বানাক্ৰান্তৰ নৈ পূজন

কোনো কালে নেদেখা এই ভয়ংকৰ বানপানীৰ পৰা ৰক্ষা পোৱাৰ নিমিত্ৰে পাগলাদিয়া নৈৰ বুকুত নৈবেদ্য আগবঢ়াই গাঁৱৰ সাধাৰণ ৰাইজে ৷ নৈৰ পাৰত নাম-কীৰ্ত্তন কৰি বানপানীৰ পৰা পৰিত্ৰাণ বিচাৰে জাৰতালুক আৰু সুন্দৰপুৰ গাঁৱৰ মহিলা সকলে ৷ বান নিয়ন্ত্ৰণ বিভাগ অথবা চৰকাৰ নহয় ভগৱানেই যেন শেষ ভৰসা হৈ পৰিছে এতিয়া অঞ্চলবাসীৰ বাবে ৷

Intro:সংহাৰী বানৰ পৰা পৰিত্ৰান বিচাৰি এইবাৰ পাগলদিয়া নৈ ত পুজা অৰ্চনাৰ আশ্ৰয় ললে নলবাৰী বাগছা জিলাৰ সীমান্তৰ গাঁওবাসীয়ে।Body:নেৰা নেপেৰা বৰষুণ আৰু ভুটানে এৰি দিয়া বান্ধৰ পানীৰ ফলত পাগলদিয়া নৈ ৰ জলপৃষ্ঠ বৃদ্ধিয়ে প্ৰ্লয়ংকাৰী বানৰ সৃষ্টি কৰে নলবাৰী বাক্সা জিলাৰ সীমান্তৰ গাঁও বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত সুন্দৰপুৰ , জাৰতালুক ,গোৱালবিলকে ধৰি প্ৰায় পোন্ধৰ খ্ন গাঁও ।যোৱা এমাহ ধৰি হোৱা কেবাটাও বানৰ ফলত ক্ষতি হয় গাও খনৰ প্ৰায় বোৰ পৰিয়ালে ,নষ্ট হয় সেউজীয়া খেতি পথাৰ সমুহ ,ভাগি যায় কেবাটাও পৰিয়ালৰ বাস গৃহ ।কোনো কালে নেদেখা এনে ভয়ংকৰ বানপানী ৰ পৰা যাতে পাগলদিয়া বাবাই গাঁওবাসীক ৰক্ষা কৰে তাৰ বাবে পাগল দিয়া নৈৰ বুকুত নৈবদ্য আগবঢায় গাও বাসীয়ে । জাৰতালুক আৰু সুন্দৰপুৰ গাওৰ মহিলা সকলে এনেদৰে পাগলদিয়া নৈত নামকিৰ্তন কৰি গাওবাসীয়ে বানপানীৰ পৰা পৰিত্ৰান বিচাৰে । এতিয়া বান নিয়ন্ত্ৰণ বিভাগ বা চৰকাৰ নহয় ভগৱানেই যেন শেষ ভৰসা অঞ্চলবাসী ৰাইজৰ বাবে।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.