ETV Bharat / state

অসমৰ লোক-কলা সংস্কৃতিৰ উপস্থাপনেৰে নলবাৰীত নিৰ্মাণ হ’ব তোৰণ - জয়ন্ত মল্ল বৰুৱা

অসমৰ লোক-কলা সংস্কৃতিক উপস্থাপন কৰি নলবাৰীৰ গণেশ মন্দিৰ চকত স্থাপন কৰা হ’ব আদৰণি তোৰণ । এই তোৰণৰ আধাৰশিলা স্থাপন অনুষ্ঠানত থাকে মঙলদৈৰ সাংসদ দীলিপ শইকীয়া, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা ৷

representing assamese cultural heritage nalbari will be having an welcoming gate
অসমৰ লোক-কলা সংস্কৃতিক উপস্থাপন কৰি নলবাৰীৰ স্থাপন হ’ব আদৰণি তোৰণ
author img

By

Published : Sep 19, 2021, 10:40 PM IST

নলবাৰী, 19 ছেপ্টেম্বৰ : দেওবাৰে নলবাৰী চহৰৰ গণেশ মন্দিৰ চকত এখন তোৰণৰ আধাৰশিলা স্থাপন অনুষ্ঠান হয় । অসমৰ লোক কলা-সংস্কৃতিক উপস্থাপন কৰি নিৰ্মাণ হ’ব লগা তোৰণখনত নলবাৰীৰ হৰিমন্দিৰৰ পৰা আৰম্ভ কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান প্ৰতিফলিত হ’ব । দেওবাৰৰ এই অনুষ্ঠানত উপস্থিত থাকে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপি দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দীলিপ শইকীয়া ৷

অসমৰ লোক-কলা সংস্কৃতিক উপস্থাপন কৰি নলবাৰীৰ স্থাপন হ’ব আদৰণি তোৰণ

শইকীয়াৰ লগতে অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, জিলা উপাযুক্ত গীতিমণি ফুকন আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়া সকল উপস্থিত থাকে । প্ৰায় ২৭০ কোটি টকাৰে তোৰণৰ লগতে নলবাৰী চহৰৰ উন্নয়নমূলক কাম কৰা হ’ব বুলি জানিবলৈ দিয়ে সাংসদ শইকীয়াই । উক্ত আধাৰশিলা অনুষ্ঠানটোৰ ৰঙা ফিটা কাটি শুভাৰম্ভ কৰে দীলিপ শইকীয়াই ।

ইফালে এই তোৰণ সম্পূৰ্ণ হোৱাৰ পিছত চহৰখনে এক নতুন মাত্ৰ পাৱ বুলিও তেওঁ উল্লেখ কৰে । আনহাতে, ৰাজ্যৰ বিদ্যালয় সমূহ পুনৰ খোলা সন্দৰ্ভত সাংবাদিককে কৰা প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীয়ে কয় যে, সোমবাৰৰে পৰা পৰ্যায় ক্ৰমে খোলা হ’ব বিদ্যালয় সমূহ । ইপিনে হাফপেন্ট বিতৰ্ক সন্দৰ্ভতো তদন্ত হ’ব বুলি মন্তব্য কৰিলে তেওঁ ৷

লগতে পঢ়ক : NSCN(IM)ৰে আলোচনাত মিলিত হ'বলৈ ডিমাপুৰলৈ যাব ড° হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.