ETV Bharat / state

Nalbari School : বিদ্যালয় স্থানান্তৰিত কৰাক নলবাৰীৰ কুৰিহামাৰী চৰত টনা-আঁজোৰা

author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 4:28 PM IST

বিদ্যালয় স্থানান্তৰিত কৰাক লৈ দুই ফৈদৰ মাজত সৃষ্টি হৈছে সংঘাত ৷ নলবাৰীৰ কুৰিহামাৰী চৰত দুই ফৈদৰ মাজত বিদ্যালয়ক লৈ টনা-আঁজোৰা ৷

Nalbari School
বিদ্যালয় স্থানান্তৰিত কৰাক নলবাৰীৰ কুৰিহামাৰী চৰত টনা আঁজোৰা

নলবাৰী,19 ছেপ্টেম্বৰ : এখন বিদ্যালয়ক লৈ নলবাৰীৰ কুৰিহামাৰী চৰত দুই ফৈদৰ মাজত টনা আঁজোৰা । বিদ্যালয় স্থানান্তৰিত কৰাক লৈ সৃষ্টি হৈছে সংঘাত ৷ জানিব পৰা মতে, বৰক্ষেত্ৰী প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনস্থ কুৰিহামাৰী চৰত থকা মন্টুৰ চুপা প্ৰাথমিক বিদ্যালয়খন গৰাখহনীয়াৰ কবলত পৰাৰ বাবে প্ৰায় দুমাহ পূৰ্বে বিদ্যালয়খন ৩ নং বৰবালা চৰলৈ স্থানান্তৰ কৰা হৈছিল । যাৰ বাবে বিদ্যালয়খন স্থানান্তৰিত কৰাক লৈ বৰ্তমান দুই ফৈদৰ মাজত সৃষ্টি হৈছে সংঘাত ৷

স্থানীয় ৰাইজৰ অভিযোগ মতে, একাংশ লোকে এতিয়া বিদ্যালয়খন পুনৰ অন্য এটা স্থানলৈ স্থানান্তৰিত কৰাৰ যো-যা চলাইছে । উল্লেখযোগ্য যে বিদ্যালয়খন পূৰ্বতে থকা স্থানৰ অধিকাংশ লোকে গৰাখহনীয়াৰ কবলত পৰি এতিয়া ৩ নং বৰবালা চৰত বসবাস কৰি আছে । আনহাতে ৩ নং বৰবালা চৰৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ দূৰত্বলৈকে এখনো চৰকাৰী বিদ্যালয় নাই । সেয়েহে গৰাখহনীয়াৰ কবলত পৰা বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সিদ্ধান্ত মৰ্মে প্ৰায় দুমাহ পূৰ্বে বিদ্যালয়খন ৩ নং বৰবালা চৰত পুনৰ সংস্থাপন কৰিছিল । বৰ্তমান বিদ্যালয়খনত 7 খন গাঁৱৰ শতাধিক ছাত্র-ছাত্ৰীয়ে পাঠ গ্ৰহণ কৰি আছে ।

কিন্তু ইমানৰ পাচতো এটা পক্ষই শতাধিক ছাত্ৰ-ছাত্ৰীক অন্ধকাৰলৈ ঠেলি দি বিদ্যালয়খন পুনৰ অন্য স্থানলৈ স্থানান্তৰিত কৰাৰ যো-জা চলাইছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে । ‘‘বিদ্যালয়খন অন্য স্থানলৈ স্থানান্তৰিত কৰিলে শতাধিক শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ যাব’’ বুলি মন্তব্য কৰে স্থানীয় ৰাইজে । সেয়েহে বিদ্যালয়খন ৩ নং বৰবালা চৰতে ৰাখিবলৈ চৰকাৰ তথা শিক্ষা বিভাগক অনুৰোধ জনায় অঞ্চলটোৰ লোকসকলে ।

লগতে পঢ়ক:Amrit Brikshya Andolan: নিজৰ গাত বোকা থকাৰ পাচত আনলৈ কিয় ছটিয়াই ! সাংসদ গৌৰৱলৈ প্ৰশ্ন মন্ত্ৰী জয়ন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.