নলবাৰী, 28 জুলাই : মঙলবাৰে ভাৰতীয় ৰেডক্ৰছ চ'ছাইটি নলবাৰী জিলা সমিতিৰ উদ্যোগত পূৱ নলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত খাট কটৰা গাৱঁত ধুমুহাত ক্ষতিগ্ৰস্ত কেইবাটাও পৰিয়ালৰ মাজত ত্ৰিপাল বিতৰণ কৰা হয় । নলবাৰী জিলা ৰেডক্ৰছ চ'ছাইটিৰ উদ্যোগত ইতিমধ্যেই ধুমুহা আৰু বানপানীত ক্ষতিগ্রস্ত 580 টা পৰিয়ালৰ মাজত ত্ৰিপাল,গা-ধোৱা চাবোন,ছেনিটাইজাৰ বিতৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে ৰেডক্ৰছ চ'ছাইটিৰ সম্পাদক পংকজ বৰ্মনে । খাট কটৰা নামঘৰ প্ৰাঙ্গনত অনুষ্ঠিত ত্ৰিপাল বিতৰন কাৰ্যসূচীত উপস্থিত থাকে নলবাৰী জিলা ৰেডক্ৰছ চ'ছাইটিৰ উপ সভাপতি প্ৰমোদ তালুকদাৰ,সম্পাদক পংকজ বৰ্মনৰ লগতে বহুটো লোক ।
নলবাৰীত ৰেডক্ৰছৰ দ্বাৰা ত্ৰিপাল বিতৰণ - নলবাৰীত ৰেডক্ৰছৰ দ্বাৰা ত্ৰিপাল বিতৰণ
নলবাৰীত ৰেডক্ৰছৰ দ্বাৰা ত্ৰিপাল বিতৰণ