ETV Bharat / state

নলবাৰীতো ৰঙালীক আদৰাৰ বিশেষ প্ৰস্তুতি - Nalbari

নলবাৰীৰ বালিতাৰা হাইস্কুলৰ খেলপথাৰত স্বেচ্ছাসেৱী সংগঠন নতুন প্ৰহৰে ৬ এপ্ৰিলৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰে বিহুৰ কৰ্মশালা ।

Rangali Bihu workshop at Nalbari
নলবাৰীতো ৰঙালীক আদৰাৰ বিশেষ প্ৰস্তুতি
author img

By

Published : Apr 10, 2021, 10:14 AM IST

নলবাৰী,10 এপ্ৰিল: অসমীয়াৰ হিয়াৰ আমঠু, হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন । কি উজনি, কি নামনি ঢোল-পেঁপাৰ মাতত ৰজন-জনাইছে এতিয়া ৰাজ্যৰ চৌদিশ । পিছ পৰি থকা নাই নলবাৰী জিলাও ৷ জিলাখনৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন নতুন প্ৰহৰে ৰঙালী বিহু উপলক্ষে আয়োজন কৰিছে এখনি বিহু নাচ আৰু বাদ্যৰ কৰ্মশালা ৷

Rangali Bihu workshop at Nalbari
নলবাৰীতো ৰঙালীক আদৰাৰ বিশেষ প্ৰস্তুতি

বালিতাৰা হাইস্কুল খেলপথাৰত স্বেচ্ছাসেৱী সংগঠনটোৱে ৬ এপ্ৰিলৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰে এই কৰ্মশালাখন । কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন জ্যেষ্ঠ বিহুৱা ৰামচৰণ কলিতা আৰু সংগীবৃন্দ । উক্ত কৰ্মশালাত প্ৰায় ১০০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ।

নলবাৰীতো ৰঙালীক আদৰাৰ বিশেষ প্ৰস্তুতি

লগতে পঢ়ক : প্ৰযুক্তিৰ ব্যৱহাৰ: তিনি ফুট উচ্চতালৈ উঠিল বাংলো

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.