ETV Bharat / state

No road no vote: সুচল পথ নাপালে ভোট বৰ্জনৰ হুংকাৰ কটলাবৰকুছি ৰাইজৰ

author img

By

Published : Apr 5, 2023, 8:09 PM IST

নলবাৰীত নো ৰোড নো ভোট পোষ্টাৰ । স্বাধীনতাৰ ৭৬ বছৰ পিছতো নলবাৰী সমষ্টিৰ এটা অনুন্নত পথক লৈ ক্ষোভ অঞ্চলবাসীৰ (Pathetic road condition in Nalbari) ।

locals demand road constructionin Nalbari
নলবাৰীত নো ৰোড নো ভোট পোষ্টাৰ
নলবাৰীত নো ৰোড নো ভোট পোষ্টাৰ

নলবাৰী, 5 এপ্ৰিল : স্বাধীনতাৰ 76 বছৰ পিছতো উন্নয়নৰ মুখ দেখা নাপালে নলবাৰীৰ এটা অঞ্চলে । স্বাধীনতাৰ অমৃতকাল চলি থকাৰ সময়তো নলবাৰী চহৰৰ সমীপৰ ক্ষুদ্ৰ কটলাবৰকুছি গাঁওবাসী বঞ্চিত হৈ ৰৈছে সুচল বাট-পথৰ পৰা ৷ যাৰ বাবে ভুক্তভোগী ৰাইজে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে (Villagers of Nalbari deprived from govt schemes) ৷

উল্লেখ্য যে, অঞ্চলটোৰ পৰা যোৱা সময়ছোৱাত বহু বিধায়ক নিৰ্বাচিত হ’ল যদিও কোনেও অঞ্চলবাসীৰ সমস্যা-অসুবিধাৰ প্ৰতি গুৰুত্ব নিদিলে । যাৰ বাবে পথটোৰ উন্নয়নৰ বাবে অঞ্চলটোত এচপৰা চৰকাৰী মাটিও নপৰিল বুলি সংবাদ মাধ্যমৰ আগত খেদ প্ৰকাশ কৰে ভুক্তভোগী ৰাইজে । আনকি সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাইয়ো আজিলৈ পথচোৱাৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে (Locals demand for road construction in Nalbari) ।

তাৎপৰ্যপূৰ্ণভাৱে অসম আন্দোলনৰ পিচৰে পৰা উল্লেখিত এলেকাটোৰ উন্নয়নৰ বাবে কোনো এগৰাকী মন্ত্ৰী-বিধায়ক তথা চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি সংবাদ মাধ্যমৰ আগত কয় স্থানীয় ৰাইজে । নিৰ্বাচনী প্ৰতিশ্ৰুতি আদায়ৰ পৰা দশক দশক ধৰি বঞ্চিত হৈ অহা স্থানীয় ৰাইজে সেয়েহে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে যাতায়ত ব্যৱস্থা সুচল কৰি নিদিলে ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰে অঞ্চলবাসীয়ে (Pathetic road condition in Nalbari) ।

উল্লেখ্য যে, ৫৯ নং নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ক্ষুদ্ৰ কটলাবৰকুছি গাঁওখনে কেৱল সুচল যাতায়ত ব্যৱস্থাই নহয় বিশুদ্ধ পানী টুপি লাভৰ পৰাও বঞ্চিত হৈ আহিছে বুলি জানিবলৈ দিয়ে ৷ আনকি দৰিদ্ৰ লোকৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰা প্ৰতিখন হিতাধিকাৰী আঁচনিৰ পৰায়ো কটলাবৰকুছিবাসী বঞ্চিত হৈ আহিছে বুলি সংবাদ মাধ্যমৰ আগত আক্ষেপ সহকাৰে জানিবলৈ দিয়ে ৷ নলবাৰীৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক পথটোৰ লগতে অঞ্চলবাসীৰ সুবিধা-অসুবিধাৰ প্ৰতি গুৰুত্ব দিবলৈ ভুক্তভোগী অঞ্চলবাসীয়ে আহ্বান জনায় (Real beneficiary deprived from govt schemes) ।

লগতে পঢ়ক : Tiger Terror in Kaliabor : কলিয়াবৰত অব্যাহত আছে বাঘৰ সন্ত্ৰাস; কেমেৰাত বন্দী বিৰল দৃশ্য

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.