গৰ্ভাৱস্থা এগৰাকী নাৰীৰ জীৱনৰ আটাইতকৈ সুন্দৰ যাত্ৰা ৷ অৱশ্যে এই সময়ছোৱাত মহিলাসকলেও বহু শাৰীৰিক আৰু মানসিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ৷ গৰ্ভধাৰণৰ পিচত মহিলাসকলে নিজৰ স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ ৷ এই সময়ছোৱাত খাদ্যৰ পৰা আৰম্ভ কৰি জীৱনশৈলীলৈকে সকলো স্বাস্থ্যকৰ হ’ব লাগে ৷ গৰ্ভাৱস্থাত মহিলাৰো মনত বহু প্ৰশ্ন থাকে ৷ বিশেষকৈ মহিলাসকলে গৰ্ভধাৰণৰ লগে লগে বহু কথা জানিব বিচাৰে ৷ ইয়াৰে এটা হ’ল গৰ্ভধাৰণৰ পিছত যৌন সম্পৰ্ক স্থাপন কৰিব পাৰি নে নাই সেয়ে এই সন্দৰ্ভত আজি গৱেষণাৰ দ্বাৰাই বিতংভাৱে জানি লও আহক-
গৰ্ভধাৰণৰ পিছত যৌন সম্পৰ্ক স্থাপন কৰিব পাৰিনে ?
হেল্থলাইনৰ মতে, গৰ্ভধাৰণৰ পিচত যৌন সম্পৰ্ক স্থাপন কৰিব পাৰি ৷ গৰ্ভাৱস্থাৰ পিচত যৌন সম্পৰ্ক স্থাপন কৰাত কোনো সমস্যা নহয় ৷ কিন্তু গৰ্ভাৱস্থাত যদি আপুনি কোনো সমস্যাৰ সন্মুখীন হয়, তেন্তে এনে পৰিস্থিতিত কেৱল চিকিৎসকৰ পৰামৰ্শৰ পিচতহে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব লাগে ৷ কিন্তু যদি গৰ্ভাৱস্থা বা গৰ্ভধাৰণৰ পিচত কোনো জটিলতা নাথাকে তেন্তে আপুনি যৌন সম্পৰ্ক স্থাপন কৰিব পাৰে ৷ জনাই দিও যে, সাধাৰণতে গৰ্ভাৱস্থাৰ সকলো পৰ্যায়তে যৌন সম্পৰ্ক স্থাপন কৰাটো নিৰাপদ ৷
গৰ্ভধাৰণৰ পিচত যৌন সম্পৰ্ক স্থাপনৰ সময়ত কি কি কথা মনত ৰখাটো উচিত ?
- গৰ্ভধাৰণৰ পিছত যৌন সম্পৰ্ক স্থাপন কৰিব পাৰে ৷ কিন্তু যৌন সম্পৰ্কৰ সময়ত কিছু কথা মনত ৰখা উচিত যেনে-
- গৰ্ভাৱস্থাত কোনো জটিলতা নাথাকিলেহে যৌন সম্পৰ্ক স্থাপন কৰিব লাগে ৷
- গৰ্ভৱতী মহিলাৰ শৰীৰ সংবেদনশীল ৷ গতিকে এই সময়ছোৱাত পুৰুষে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ সময়ত সাৱধানতা বজাই ৰখাটো উচিত ৷
- যৌন সম্পৰ্কৰ সময়ত বিষ আৰু ৰক্তক্ষৰণ অনুভৱ কৰিলে যৌন সম্পৰ্ক বন্ধ কৰাটো উচিত ৷
- গৰ্ভধাৰণৰ পিচত হৰম’নৰ পৰিৱৰ্তন ঘটে ৷ ইয়াৰ ফলত আপোনাৰ মানসিক চাপ বা উদ্বেগ হ’ব পাৰে ৷
- গৰ্ভধাৰণৰ পিচত সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায় ৷ গতিকে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ সময়ত সুৰক্ষাৰ সম্পূৰ্ণ যত্ন লোৱা উচিত ৷
গৰ্ভাৱস্থাত কি কি পৰিস্থিতিত যৌন সম্পৰ্ক স্থাপন কৰা উচিত নহয় ?
- যদি গৰ্ভধাৰণৰ পিচত অত্যধিক ৰক্তক্ষৰণ হয়, তেন্তে এই অৱস্থাত যৌন সম্পৰ্ক স্থাপনৰ পৰা বিৰত থাকক ৷
- গৰ্ভত দুটা বা তাতকৈ অধিক ভ্ৰূণ থাকিলেও শাৰীৰিক সম্পৰ্ক পৰিহাৰ কৰিব লাগে ৷
- যদি আপোনাৰ সংগীৰ যৌন সংক্ৰামক ৰোগ আছে তেন্তে গৰ্ভধাৰণৰ পিচত যৌন সম্পৰ্ক স্থাপন নকৰাটোৱেই উচিত ৷
- গৰ্ভপাতৰ ইতিহাস থাকিলেও শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে ৷
উৎস- https://www.healthline.com/health/pregnancy/sex-first-12-weeks-of-pregnancy