ETV Bharat / state

নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এচাম বঞ্চিত প্ৰাৰ্থীৰ প্ৰতিবাদ

author img

By

Published : Jul 20, 2020, 5:24 PM IST

বিদেশী ন্যায়াধীশকৰণৰ বাচনিভুক্ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চুড়ান্ত তালিকাত নাম প্ৰকাশৰ পিছতো নিযুক্তি প্ৰত্ৰ লাভ নকৰাত ক্ষোভিত হৈ নিৰ্বাচিত প্ৰাৰ্থীসকলে সোমবাৰে নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰিলে প্ৰতিবাদ । চূড়ান্ত তালিকাত নাম প্ৰকাশৰ দহ মাহ পিছতো নিযুক্তি পোৱা নাই ১৬০০ কৰ্মচাৰীয়ে ।

protest-in-front-of-dc-office-at-nalbari
নলবাৰী উপাযুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্য্যসূচী

নলবাৰী, ২০জুলাই: বিদেশী ন্যায়াধীশকৰণৰ বাচনিভুক্ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ পৰীক্ষাত উত্তীৰ্ণ হৈও দহ মাহে নিযুক্তি নাপালে ১৬০০ নিৰ্বাচিত প্ৰাৰ্থীয়ে । যোৱা দহ মাহে নিযুক্তি পত্ৰ পাবলৈ সক্ষম নোহোৱা এইসকল প্ৰাৰ্থী হৈ পৰিছে অধিক চিন্তিত । অৱশেষত এইসকল নিৰ্বাচিত প্ৰাৰ্থীয়ে সোমবাৰে নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কৰিলে প্ৰতিবাদ । বিজ্ঞাপন অনুসৰি এবছৰৰ ভিতৰত চাকৰিত যোগদান কৰিব নোৱাৰিলে এই নিৰ্বাচিত প্ৰাৰ্থী তালিকা অবৈধ হৈ পৰিব । এই হিচাপত মাত্ৰ দুটা মাহৰ অন্তত শেষ হ'ব তালিকাৰ বৈধতা । সেয়েহে অনিশ্চয়তাত সোমাই পৰিছে এইসকল প্ৰাৰ্থীৰ ভৱিষ্যত ।

প্ৰতিবাদত ভাগ লোৱা প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ প'ষ্টাৰ লৈ আমাক ন্যায় লাগে,আমাক শীঘ্ৰে নিযুক্তি দিয়ক,১৬০০ বাচনিভুক্ত নিবনুৱাৰ জীৱনক লৈ হেতালি নেখেলিব আদি শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ।

লগতে চাওকঃ দুই ভুৱা চিকিৎসকে মিলি চলাই আছিল ব্যক্তিগত চিকিৎসালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.