ETV Bharat / state

নলবাৰীত যুৱ ব্যৱসায়ী হত্যাৰ প্ৰতিবাদ

author img

By

Published : Aug 28, 2020, 7:10 PM IST

যুৱ ব্যৱসায়ী ৰিংকুমণি শৰ্মাৰ হত্যাৰ প্ৰতিবাদত শতাধিক ৰাইজে শুকুৰবাৰে নলবাৰীত সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীসকলে এক সমদল উলিয়াই লৈ গৈ উপস্থিত হয় জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ৷

Protest against the murder of a young businessman in Nalbari assam etv bharat news
যুৱ ব্যৱসায়ী হত্যাৰ প্ৰতিবাদ

নলবাৰী,28 আগষ্ট: কিছুদিনপূৰ্বে নলবাৰীত এগৰাকী যুৱ ব্যৱসায়ীক হত্যা কৰি পেলাই থোৱা হৈছিল ধাননি পথাৰত ৷ হত্যাৰ বলি হোৱা ব্যৱসায়ীগৰাকী চহৰখনৰ সমীপৱৰ্তী অময়াপুৰৰ ৰিংকুমণি শৰ্মা বুলি পৰৱৰ্তী সময়ত চিনাক্ত হৈছিল ৷ এই হত্যাত জড়িত দোষীক শাস্তি প্ৰদানৰ দাবীত শুকুৰবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷ প্ৰতিবাদকাৰীসকলে চহৰখনৰ মাজেৰে এক সমদল উলিয়াই আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷

যুৱ ব্যৱসায়ী হত্যাৰ প্ৰতিবাদ

উল্লেখ্য যে,উক্ত হত্যাকাণ্ডত জড়িতৰ অভিযোগত নাম সাঙোৰ খাইছিল ঘগ্ৰাপাৰৰ যোগেশ মজুমদাৰ নামৰ ব্যক্তিগৰাকীৰ ৷ হত্যাৰ বলি হোৱা যুৱকগৰাকীৰ বন্ধু আছিল এই যোগেশ মজুমদাৰ নামৰ ব্যক্তিগৰাকী ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তৰ ভিত্তিতে কৰায়ত্ত কৰা হৈছিল মদুমদাৰক ৷ হত্যাকাৰী ব্যক্তিগৰাকী যাতে কোনো কাৰণতে আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰে তাৰ বাবে শতাধিক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে চাওকঃ নলবাৰীত মৃতদেহ উদ্ধাৰ: হত্যাকাণ্ডত জড়িত এগৰাকীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.