ETV Bharat / state

নলবাৰীত নিৰ্মাণৰত উৰণীয়া সেঁতুৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন - উৰণীয়া সেঁতু

নলবাৰীৰ বৰকুৰাত নিৰ্মীয়মাণ অৱস্থাত থকা উৰণীয়া সেঁতুৰ বাবে স্থানীয় ব্যৱসায়ীসকলৰ ক্ষতি হোৱাৰ আশংকা প্ৰকাশ কৰি দেওবাৰে প্ৰতিবাদত বহে স্থানীয় ৰাইজ আৰু ব্যৱসায়ীসকলে ৷

protest against flyover in Nalbari
নলবাৰীত নিৰ্মাণৰত উৰণীয়া সেঁতুৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন
author img

By

Published : Oct 18, 2020, 10:43 PM IST

নলবাৰী, 18 অক্টোবৰ : নলবাৰীৰ বৰকুৰাত নিৰ্মীয়মাণ অৱস্থাত থকা উৰণীয়া সেঁতুৰ বিৰোধিতা স্থানীয় ৰাইজ আৰু ব্যৱসায়ীসকলৰ ৷ উৰণীয়া সেঁতুৰ বাবে স্থানীয় ব্যৱসায়ীৰ ক্ষতি হোৱাৰ আশংকা কৰি বৰকুৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে নলবাৰীবাসীৰ লগতে ব্যৱসায়ীসকল ৷

উল্লেখ্য যে,বৰকুৰা ৰেল ক্ৰ’চিঙৰ ওপৰত দীৰ্ঘদিন ধৰি উৰণীয়া সেঁতু নথকাৰ বাবে নলবাৰীৰ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে । আনকি ৰোগী কঢ়িওৱা এম্বুলেঞ্চো এই ৰে’ল ক্ৰ’চিঙত ঘণ্টা ঘণ্টা ধৰি আবদ্ধ হৈ থাকিবলগীয়া হয় । যাৰ বাবে চৰকাৰে লোক নিৰ্মাণ বিভাগৰ দ্বাৰা এই স্থানত উৰণীয়া সেঁতু নিৰ্মাণৰ ব্যৱস্থা কৰিছে ।

নলবাৰীত নিৰ্মাণৰত উৰণীয়া সেঁতুৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন

কিন্তু এই উৰণীয়া সেঁতুখনৰ বাবে এতিয়া বৰকুৰাৰ স্থানীয় ব্যৱসায়ীৰ ক্ষতি হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : প্ৰৱল উচাহেৰে ৰাইজৰ মাজলৈ ‘ৰাইজৰ দল’

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.