নলবাৰী,9 জুলাই: ইতিমধ্যে ৰাজ্য়ৰ এটা ব্যক্তিগত এণ্টাৰটেইণ্টমেণ্ট চেনেলত নতুনকৈ প্ৰচাৰিত এখন ধাৰাবাহিকৰ বিৰুদ্ধে ৰাজ্যজুৰি সাব্যস্ত হৈছে তীব্ৰ প্ৰতিবাদ ৷ উল্লেখ্য যে, মুক্তিৰ লগে-লগে বিতৰ্কৰ মাজত সোমাই পৰা ধাৰাবাহিক বেগমজানৰ বিৰুদ্ধে বৃহস্পতিবাৰে বিশ্ব হিন্দু পৰিষদৰ বজৰং দলৰ নলবাৰীৰ শতাধিক কৰ্মীয়ে জিলা সদৰ থানাৰ সম্মুখত ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷
প্ৰতিবাদকাৰীসকলে জিলাখনৰ গৰ্ডন স্কুল খেলপথাৰৰ পৰা এক সমদল আৰম্ভ কৰি নলবাৰী সদৰ থানাৰ সন্মুখলৈ গৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷ দলটোৰ শতাধিক কৰ্মীয়ে অংশ লোৱা উক্ত প্ৰতিবাদত ৰেঙনি টিভিযোগে সম্প্ৰচাৰিত বেগমজান ধাৰাবাহিকখন বন্ধ কৰাৰ বাবে প্ৰযোজক পক্ষক একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰে ৷ প্ৰতিবাদকাৰীসকলে থানাৰ সম্মুখত ধাৰাবাহিকখনৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়াৰ লগতে বেগমজানৰ পোষ্টাৰ দাহ কৰে ৷
বিষয়টো সন্দৰ্ভত দলটোৰ কৰ্মীসকলে ৰেঙনি টিভি কৰ্তৃপক্ষই লাভ জেহাদৰ বাবে হিন্দু ধৰ্মৰ ছোৱালীসকলক উচটনি দিয়া বুলি মন্তব্য প্ৰদান কৰে ৷ ভৱিষ্যতে বেগমজানৰ দৰে ধাৰাবাহিক যাতে কোনোৱে নিৰ্মাণ নকৰে তাৰ বাবে বজৰং দলটোৱে সকীয়নি প্ৰদান কৰে ৷ লগতে প্ৰতিবাদকাৰীসকলে নলবাৰীৰ সন্তান তথা কণ্ঠশিল্পী সীমান্ত শেখৰৰ লগতে পত্নী-অভিনেত্ৰী প্ৰীতিকংকনাৰ প্ৰৱেশ নিষিদ্ধ কৰে জিলাখনত ৷ সমান্তৰালকৈ বিষয় সন্দৰ্ভত নৱ নিযুক্ত জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰি সদৰ থানাত এক এজাহাৰো দাখিল কৰে প্ৰতিবাদী দলটোৱে ৷
লগতে চাওকঃ বন বিভাগৰ অভিযানত উচ্ছেদ অবৈধ কাঠ ফলা মিল