নলবাৰী , ১৪ ডিচেম্বৰ:অসম সাহিত্য সভাৰ কাৰ্যালয় চৌহদতে অনাদৃত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আৱক্ষ মূৰ্তি । কিন্তু কিয় অনাদৃত হৈ আছে জ্যোতিপ্ৰসাদৰ আৱক্ষ মূৰ্তি ? এই সন্দৰ্ভত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাৰ আজৱ উত্তৰ । পুথিভঁৰালৰ অতিৰিক্ত কোঠা নিৰ্মাণৰ পৰিকল্পনাৰ বাবেহে হেনো পৰিষ্কাৰ কৰা হোৱা নাই জ্যোতিপ্ৰসাদৰ আৱক্ষ মূৰ্তি ।
নলবাৰী সাহিত্য সভাৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই মন্তব্য় অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাৰ (Press meet of Assam Sahitya Sabha) । ইফালে অসম সাহিত্য সভাৰ কৰ্মচাৰীৰ অনাদায় দৰমহা সন্দৰ্ভতো মন্তব্য আগবঢ়ায় সাহিত্য সভাৰ প্ৰধান সম্পাদকগৰাকীয়ে । তেওঁ কয় যে ৪০ গৰাকী কৰ্মচাৰীক দুমাহৰ দৰমহা দিব অসম সাহিত্য সভাই । কৰ্মচাৰীৰ দৰমহাৰ বাবে মুক্ত শিক্ষা সংসদৰ পৰা ঋণ ল'ব অসম সাহিত্য সভাই ।
লগতে পঢ়ক:Wild elephants killed by electrical wires: আমগুৰিত ধোঁৱাচাঙত বন্যপ্ৰাণী সংৰক্ষণ আইন