ETV Bharat / state

Woman assaulted for dowry: যৌতুকৰ বাবে আঠমহীয়া অন্তঃসত্বা মহিলাক পাশৱিক নিৰ্যাতন স্বামীগৃহৰ !

যৌতুকে থান-বান কৰিলে এখন ঘৰ ৷ যৌতুক বিচাৰি অন্তঃসত্বা মহিলাক মাৰপিট স্বামীৰ লগতে স্বামীগৃহৰ (Pregnant Woman assaulted for dowry) ৷

Eight month old pregnant woman brutally assaulted for dowry
যৌতুকৰ বাবে আঠমহীয়া অন্তঃসত্বা মহিলাক পাশৱিক নিৰ্যাতন স্বামী গৃহৰ
author img

By

Published : Apr 12, 2023, 11:08 PM IST

যৌতুকৰ বাবে আঠমহীয়া অন্তঃসত্বা মহিলাক পাশৱিক নিৰ্যাতন স্বামীগৃহৰ !

নলবাৰী, ১২ এপ্ৰিল: ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুকজনিত ঘটনা (Dowry case in Nalbari) ৷ লুভীয়া স্বামীৰ শাৰীৰিক আক্ৰমণৰ পৰা বাচি নগ’ল অন্তঃসত্বা মহিলা ৷ যৌতুকৰ বাবে স্বামীয়ে প্ৰতিদিনে অত্যাচাৰ চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে এগৰাকী দুৰ্ভগীয়া মহিলাই (Pregnant Woman assaulted for dowry) ।

ঘটনাৰ বিৱৰণী অনুসৰি নলবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰভাগৰ ৰইটকুছিৰ এগৰাকী যুৱতীয়ে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত বিষ্টুপুৰ খাটিকুছিৰ ইয়াছিন আলী নামৰ এজন লোকৰ সৈতে প্ৰায় ১১ মাহ পূৰ্বে সামাজিক ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হৈছিল ৷

কিন্তু বিয়াৰ এমাহৰ পিচৰে পৰা স্বামী ইয়াছিন আৰু পৰিয়ালৰ অন্যান্য সদস্যৰ সৈতে মিলি বোৱাৰীগৰাকীক ফাৰ্নিচাৰৰ আপত্তি দৰ্শাই নিতৌ শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহা বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগীগৰাকীয়ে (Allegation of Dowry case) ৷ পত্নীক উন্নত মানৰ ফাৰ্নিচাৰৰ লগতে যৌতুকৰ বাবে সদায় অকথ্য নিৰ্যাতন চলাই আহিছিল লম্পট স্বামী ইয়াছিনে ।

ইমানৰ পিচতো দুৰ্ভগীয়া মহিলাগৰাকীয়ে সংসাৰখন নভগাৰ স্বাৰ্থত সকলো দুখ কষ্ট সহ্য কৰি স্বামীগৃহৰ নিৰ্যাতন সহ্য কৰি আহিছিল ৷ আনকি মহিলাগৰাকীয়ে মাতৃগৃহকো অৱগত কৰোৱা নাছিল স্বামীগৃহৰ এই নিৰ্যাতনৰ কথা ৷

অৱশেষত এই নিৰ্যাতন দিনক দিনে বৃদ্ধি হোৱাত নিৰ্যাতন সহিব নোৱাৰি বোৱাৰীগৰাকীয়ে স্বামীগৃহৰ নিৰ্যাতনৰ সকলো কথা পিতৃক বিৱৰি কয় ৷ লগে লগে বোৱাৰীগৰাকীৰ পৰিয়ালে ঘগ্ৰাপাৰ আৰক্ষীক সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ তাৰ পিচতে ঘগ্ৰাপাৰ আৰক্ষী থানাত বোৱাৰীগৰাকীৰ স্বামী আৰু স্বামী পৰিয়ালৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে (Case register against Dowry) ৷

এজাহাৰ দাখিলৰ পিচতে পৰিয়ালৰ লোকে বোৱাৰীগৰাকীক মাতৃগৃহলৈ লৈ যায় ৷ বোৱাৰীগৰাকীৰ পিতৃয়ে দিন হাজিৰা কৰা জোঁৱায়েকৰ দাবী পৰ্যাপ্ত পৰিমাণে দাবী পূৰণৰ চেষ্টা চলাইছিল ৷ বুধবাৰে এই সন্দৰ্ভত মুখ খোলে নিৰ্যাতিতা বোৱাৰীগৰাকী আৰু তেওঁৰ পিতৃয়ে ৷ বোৱাৰীগৰাকীৰ পিতৃয়ে জানিবলৈ দিয়া মতে বোৱাৰীগৰাকীক পিতৃ গৃহই দিয়া সকলো ফাৰ্নিচাৰ ইয়াছিনৰ পৰিয়ালে পথাৰৰ মাজত দলিয়াই থৈ যায় ৷

আনহাতে ওচৰ চুবুৰীয়া লোকৰ চোতালত বোৱাৰীগৰাকীয়ে ঘৰৰ পৰা অনা সম্পত্তিসমূহ দলিয়াই থৈ যায় ৷ আনহাতে লম্পট ইয়াছিনৰ বিৰুদ্ধে পৰকীয়া প্ৰেমৰো অভিযোগ উত্থাপিত কৰে দুৰ্ভগীয়া মহিলাগৰাকীয়ে ৷ অইন মহিলাৰ সৈতে ইয়াছিনৰ সম্পৰ্ক আছি বুলি অভিযোগ উত্থাপন কৰে পত্নীয়ে ৷

লগতে পঢ়ক: Encroachment in Reserved Forest: ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলৰ বেদখলকৃত ভূমিত দুই লক্ষাধিক পৰিয়ালৰ বসতি

স্মৰ্বত্য যে, নিৰ্যাতনৰ বলি হোৱা মহিলাগৰাকী বৰ্তমান আঠ মাহৰ অন্তঃসত্ত্বা (Eight month old pregnant woman brutally assaulted ) ৷ বৰ্তমান এনে সময়ত উপায়হীন হৈ পৰিছে পৰিয়ালটো ৷ যাৰ বাবে এতিয়া সকলো আইনৰ ওপৰত ভৰষা কৰি উচিত ন্যায়ৰ বাবে আশা কৰিছে পৰিয়ালটোৱে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.