ETV Bharat / state

বছৰ বছৰ ধৰি অৱহেলিত এটা পথে জ্বলাকলা খুৱাইছে অঞ্চলবাসীক - জালকাটা বিল

নলবাৰী জিলাৰ এটা জৰাজীৰ্ণ পথৰে যাত্ৰা অব্যাহত ৰাখিছে অঞ্চলবাসীয়ে ৷ নিৰ্বাচনৰ আগত পথ মেৰামতিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ ৷

Poor Road Condition In Assam Nalbari
নলবাৰীৰ পথ ! পথত পুখুৰী নে ,পুখুৰীত পথ বুজিবলৈ টান
author img

By

Published : Aug 12, 2020, 5:16 PM IST

নলবাৰী, 11 আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতবৰ্ষক ডিজিটেল ভাৰতবৰ্ষ গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ দেশৰ সকলো শিক্ষানুষ্ঠান, ৰাষ্টা-ঘাট উন্নত কৰাৰ বাবে বিভিন্ন সময়ত আঁচনি ৰূপায়ন কৰা পৰিলক্ষিত হৈছে ৷ আনকি, প্ৰতিখন গাঁৱত বিদ্যুৎ যোগান, বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ ব্যবস্থা কৰিছে ৷

কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিজিটেল আঁচনিক ঢুকি পোৱা নাই অসমৰ এখন জিলাই ৷ নলবাৰী জিলাৰ এটা জৰাজীৰ্ণ পথে প্ৰকৃতাৰ্থত দাঙি ধৰিছে ডিজিটেল ভাৰতবৰ্ষৰ ফোঁপোলা স্বৰূপক ৷

নলবাৰীৰ পথ ! পথত পুখুৰী নে ,পুখুৰীত পথ বুজিবলৈ টান

তথ্য অনুসৰি, জিলাখনৰ বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাৰ সমষ্টিৰ বেছকুছিৰ পৰা জালকাটা বিললৈ যোৱা পথটোৱে বিগত বহু বছৰৰ পৰাই অঞ্চলবাসীক জীয়াতু ভুগাই আহিছে ৷ কিন্তু মৰণফান্দ সদৃশ পথটো মেৰামতিৰ নামত আজিলৈ নপৰিল এচপৰা মাটি ৷ পৰিতাপৰ বিষয় যে, পৰিবৰ্তনৰ লক্ষ্যৰে দিছপুৰৰ গাদী দখল কৰা চৰকাৰখনে নিৰ্বাচনৰ আগত পথটো মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু নিৰ্বাচনৰ পিচত ৰাইজৰ সমস্যা সমাধান নকৰাৰ অভিযোগ ৰাইজৰ ৷

লগতে পঢ়ক : বিধায়ক বিহীন সমষ্টিত ঠিকাদাৰৰ ব্যাপক অনিয়ম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.