ETV Bharat / state

Nalbari veterinary hospital: ঘন জংঘলে আৱৰি জহি-খহি গ’ল নলবাৰীৰ এখন পশু চিকিৎসালয় - নলবাৰীৰ এখন পশু চিকিৎসালয়

চাৰিওফালৰ পৰা ঘন জংঘলে আৱৰি ধৰি ভূত বাংলাত পৰিণত হৈছে নলবাৰীৰ এখন পশু চিকিৎসালয় । অগপ চৰকাৰৰ দিনতে স্থাপন হোৱা পশু চিকিৎসালয়খনৰ আন্তঃগাঁথনিত বৰ্তমানৰ চৰকাৰৰ নাই কোনো সুদৃষ্টি ।

poor condition of A veterinary hospital
নলবাৰীৰ এখন পশু চিকিৎসালয়
author img

By

Published : Jun 14, 2023, 2:18 PM IST

ভূতবাংলাত পৰিণত হৈছে নলবাৰীৰ এখন পশু চিকিৎসালয়

নলবাৰী, ১৪ জুন : ১৯৮৫ চনত অগপ চৰকাৰৰ দিনতে নলবাৰীত নিৰ্মাণ হৈছিল এখন পশু চিকিৎসালয় ৷ তেতিয়াৰ নলবাৰীৰ বিধায়ক নগেন শৰ্মাৰ দিনতে স্থাপন হোৱা এই পশু চিকিৎসালয়খন এতিয়া ভূত বাংলালৈ পৰিণত হৈছে । নলবাৰী জিলাৰ নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাহজানীৰ অময়াপুৰ নন্দগাঁৱত অৱস্থিত এইখন পশু চিকিৎসালয় ।

প্ৰায় ৭/৮ খন গাঁৱৰ পশু ধনৰ একমাত্ৰ চিকিৎসাস্থলী এইখন পশু চিকিৎসালয় নন্দগাঁও পশু চিকিৎসালয় । সম্প্ৰতি ঘন হাবি জংঘলে আৱৰি ধৰিছে পশু চিকিৎসালয়খন । চিকিৎসক কৰ্মচাৰীৰ বহিবলৈ নাই কোনো উপযুক্ত চকী-মেজ । কোনোমতে কাঠৰ এখন বেঞ্চ, এখন টেবুলতে চাৰিজনকৈ চিকিৎসক কৰ্মচাৰীয়ে নিতৌ দায়িত্ব পালন কৰি আহিছে । চিকিৎসালয়খনত নাই দুৱাৰ-খিৰিকী নাই বিদ্যুৎ সেৱাও ।

গৰমত বিচনী ঘূৰাই ঘূৰাই কৰ্মচাৰীসকলে কাৰ্যালয়ত নিজৰ কাম কৰি থাকিবলগীয়া হৈছে । জৰাজীৰ্ণ ৰূপৰ লগতে চিকিৎসালয়খনত দিনৰ ভাগতে সাপৰ ভয়ত এঠাইত বহি থাকিব নোৱাৰি বুলি জানিবলৈ দিছে চিকিৎসকে ৷ সাপ ভেকুলীৰ আশ্ৰয়স্থলীত পৰিণত হৈছে এইখন অময়াপুৰ নন্দগাঁও পশু চিকিৎসালয় ।

চিকিৎসালয়খনৰ কৰ্মচাৰীসকলে জানিবলৈ দিয়া মতে চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ এবছৰ মানৰ পিচতে এনেদৰে জহি খহি গৈছিল । তেতিয়াৰে পৰা বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি থকা হৈছিল যদিও আজিকোপতি চিকিৎসালয় খনৰ আন্তঃগাঁথনিত কোনো গুৰুত্ব আৰোপ নকৰিলে বিভাগীয় কৰ্তৃপক্ষ কিম্বা ৰাজ্য চৰকাৰে । যাৰ বাবে এনেদৰে মৃত্যু মুখলৈ গতি কৰিছে নন্দগাঁও পশু চিকিৎসালয়খনে ৷

অতি তথৈবচ অৱস্থাৰ মাজেৰে পশু চিকিৎসালয়খন চলাই নিব লগা হৈছে চিকিৎসক কৰ্মচাৰীসকলে । এতিয়া চিকিৎসক-কৰ্মচাৰীৰ লগতে স্থানীয় লোকসকলে ৰাজ্য চৰকাৰৰ বিয়াগোম বিভাগটোৰ বিভাগীয় মন্ত্ৰী অতুল বৰাৰ লগতে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱালৈ আহ্বান জনাইছে যাতে অতি সোনকালে চিকিৎসালয়খনৰ আন্তঃগাঁথনি নিৰ্মাণ কৰি এই ৭/৮ খন গাঁৱৰ ৰাইজক যাতে পশু চিকিৎসা কৰিবলৈ সুবিধা কৰি দিয়ে যেন ।

লগতে পঢ়ক : thunderstorm: বিশ্বনাথত বজ্ৰ পৰি দুজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.