ETV Bharat / state

Hari mandir election-related controversy: মোক মাৰিবলৈ আহিলে মই বুকু পাতি নিদিও - অশোক শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 2:12 PM IST

প্ৰতিপক্ষ সংযমী ন'হলে যুদ্ধ হ'ব পাৰে । চৰকাৰ থকাৰ স্বাৰ্থত যুদ্ধ নকৰো । কিন্তু মোক মাৰিবলৈ আহিলে মই বুকু পাতি নিদিও । হৰি মন্দিৰৰ নিৰ্বাচনকেন্দ্ৰিক বিতৰ্কৰ পিছতে নলবাৰীত সংবাদমেল যোগে এই কথা সদৰী কৰে অশোক শৰ্মাই ।

PC on hari mandir election related controversy
হৰি মন্দিৰৰ নিৰ্বাচনকেন্দ্ৰিক বিতৰ্ক সন্দৰ্ভত সংবাদমেল

নলবাৰী,14 অক্টোবৰ: হৰি মন্দিৰৰ নিৰ্বাচনকেন্দ্ৰিক বিতৰ্কৰ পিছতে সংবাদমেল সম্বোধন হৰি মন্দিৰৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ । কিছুদিন পূৰ্বে হৰিমন্দিৰৰ স্থায়ী সমিতিৰ ১৬ অক্টোবৰত অনুষ্ঠিত হ'বলগা সাধাৰণ নিৰ্বাচনক লৈ জিলা আয়ুক্তৰ কাৰ্যালয় সংগ্ৰহ কৰা হৈছিল মনোনয়ন । নিৰ্বাচনৰ বাবে সভাপতি পদত মনোনয়ন দাখিল কৰিছিল মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ লগতে প্ৰাক্তন বিধায়ক অশোক শৰ্মাই ।

কিন্তু ৰহস্যজনকভাৱে মনোনয়ন পত্ৰ পৰীক্ষণৰ পিছতে অশোক শৰ্মাৰ নামটো সাধাৰণ সম্পাদকত ৰখা হয় আৰু ইয়াকে লৈ নলবাৰীত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে অশোক শৰ্মাই হৰি মন্দিৰত শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত অশোক শৰ্মাৰ মন্তব্য প্ৰশাসনৰ ভুলৰ বাবেই তেওঁক সাধাৰণ সম্পাদকৰ পদত প্ৰতিদ্বন্দিতা কৰা দেখুওৱা হৈছে ।

তেওঁ প্ৰশাসনৰ লগত কথা পতা বুলি সংবাদ মাধ্যমক অৱগত কৰি প্ৰশাসনে ভুল শুধৰণি কৰি নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি আশা প্ৰকাশ কৰে । সাংবাদিকে তেওঁক এয়া ৰাজনৈতিক প্ৰভাৱ খতুৱাই প্ৰশাসনক ব্যৱহাৰ কৰি কৰা হৈছে নেকি বুলি কৰা প্ৰশ্নত তেওঁ সেয়া সকলোৰে জ্ঞাত বুলি মন্তব্য কৰি আওঁ‌পকীয়াকৈ স্বীকাৰ কৰে ।

আনহাতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ লগত তেওঁৰ মাজত হৰি মন্দিৰক কেন্দ্ৰ কৰি যুদ্ধ চলিব নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁৰ মন্তব্য প্ৰতিপক্ষ সংযমী ন'হলে যুদ্ধ হ'ব পাৰে । চৰকাৰ থকাৰ স্বাৰ্থত তেওঁ যুদ্ধ নকৰো বুলি কয় যদিও তেওঁ মাৰিবলৈ আহিলে বুকু পাতি নিদিও বুলি বুলি উল্লেখ কৰে অশোক শৰ্মাই ।

লগতে পঢ়ক: Minister Jayanta Malla Baruah: কাৰ ওপৰত খং উঠিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.