নলবাৰী, 27 জানুৱাৰী : নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নলবাৰী চহৰ সমিতিৰ পথ সভা । নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত পথ সভা অনুষ্ঠিত কৰি জন সচেতনতা গঢ়াৰ অভিযান আৰম্ভ কৰে ।
নলবাৰী চহৰৰ হাটখোলা বজাৰ, এন.টি ৰোড, নলবাৰী জিলাৰ উপায়ুক্ত কাৰ্যালয়, নলবাৰী থানাৰ চ'ক, জিলিকনি চ'ক, ঘিল্লাৰ চ'ক, বৰন চ'ক, তন্ত্ৰ শংকৰা চ'ক, কালাগ হাটখোলা চ'ক, টিহু টাউন, চামতা চ'ক, পাইকাৰকুছি চ'ক, গো-পূজা চ'ককে ধৰি নলবাৰী জিলাৰ বিভিন্ন ঠাইত পথ সভা অনুষ্ঠিত কৰি কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ।
লগতে পঢ়ক : কাৰাগাৰত বন্দী হৈ থকা এনডিএফবি সদস্যৰ পৰিয়ালৰ ধৰ্ণা
সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ সভাপতি পাৰ্থ প্ৰতীম শৰ্মা, সাঃসম্পাদক কৌশিক বৰ্মনৰ নেতৃত্বত অনুষ্ঠিত পথ সভাত যুৱ ছাত্র পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক মৃণাল কুমাৰ বৰ্মণ, জিলা সমিতিৰ উপদেষ্টা গৌতম কুমাৰ শৰ্মা, যোগেশ কলিতা, উপ-সভাপতি সঞ্জয় কলিতা, যুটীয়া সম্পাদক প্ৰাঞ্জল কলিতাই 'কা'ৰ বিৰুদ্ধে জনসাধাৰণৰ উদ্দেশ্যে বক্তব্য আগবঢ়ায় ।
উক্ত পথ সভাৰ জৰিয়তে সমাগত বিধানসভা নিৰ্বাচনত জাতিধ্বংসী 'কা' আইন প্ৰণেতা বিজেপি চৰকাৰক এশিকনি দিবলৈ ৰাইজক আহ্বান জনায় ।
লগতে পঢ়ক : মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ বাবে ভূমি আৱন্টন চৰকাৰৰ