নলবাৰী, ৫ মাৰ্চ : চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৰাজ্যজুৰি বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই প্ৰায় ৩ হাজাৰতকৈ অধিক লোকক ৰঙাঘৰলৈ পঠিয়াইছিল ৷ তাৰ পচতো গা লৰা নাই একাংশ লোকৰ(Child marriage in Assam) ৷ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাকো ভেঙুচালি কৰি একাংশই মৰ সাহস দেখুৱাই এতিয়াও বাল্যবিবাহ কৰি থকাৰ ঘটনা পোহৰলৈ আহিছে ৷ এইবাৰ নলবাৰী জিলাৰ কুৰিহামাৰীত ১৫ বছৰীয়া কিশোৰীক পলুৱাই আনি আৰক্ষীৰ জালত পৰিল আন এজন যুৱক (Nalbari Child Marriage Case) ৷
নলবাৰীৰ মুকালমুৱাৰ কুৰিহামাৰী চৰত এগৰাকী সপ্তম শ্ৰেণীত পঢ়ি থকা ১৫ বছৰীয়া কিশোৰী পলুৱাই লৈ গৈছিল এজন যুৱকে (One arrested related to Child marriage)। জিলাখনৰ শিয়ালমাৰী চৰ আৰক্ষী থানাৰ অন্তৰ্গত কুৰিহামাৰী চৰৰ জিন্নাত আলীৰ পুত্ৰ কাচিম আলীয়ে(১৯) কিশোৰীগৰাকীক পলুৱাই নি বাল্যবিবাহ কৰাৰ চেষ্টা চলাওঁতে আৰক্ষীৰ হাতত হাতে লোটে ধৰা পৰে ৷
একে গাঁৱৰে কিশোৰীগৰাকীৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল কাচিমৰ । এই প্ৰেমক সামাজিক মৰ্যাদা দিবলৈ বৃহস্পতিবাৰে নিশা কাচিম আলীয়ে কিশোৰীগৰাকীক নিজ গৃহৰ পৰা পলুৱাই নিয়ে। উক্ত ঘটনাৰ খবৰ পাই তাৎক্ষণিকভাৱে শিয়ালমাৰী আৰক্ষীয়ে যুৱকজন আৰু কিশোৰীগৰাকীৰ অনুসন্ধান আৰম্ভ কৰে । অৱশেষত শিয়ালমাৰী আৰক্ষীয়ে দুয়োগৰাকীকে বৰবালা চৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
যুৱকজনে কিশোৰীগৰাকীক পলুৱাই নি বাল্যবিবাহ কৰাৰ যো-জা চলাইছিল বুলি জানিব পৰা গৈছে । সম্প্ৰতি শিয়ালমাৰী চৰ আৰক্ষীয়ে দুয়োজনকে উদ্ধাৰ কৰি যুৱকজনক আটক কৰে ।
উল্লেখ্য যে ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে বাল্যবিবাহ বিৰোধী অভিযান ৷ ২৩ জানুৱাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি ১৪ বছৰৰ তলৰ ছোৱালীৰ সৈতে বিবাহ কৰা সকলক পকছ’ৰ (POCSO Act) অধীনত গ্ৰেপ্তাৰ কৰা হ’ব । আনহাতে, ১৪-১৮ বছৰ বয়সৰ ছোৱালীৰ লগত বিবাহ কৰা সকলক বাল্যবিবাহ নিষেধাজ্ঞা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হ’ব ৷
মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিচৰে পৰা সমগ্ৰ ৰাজ্যতে বাল্যবিবাহৰ বিৰুদ্ধে ৪,১৩৫ টা গোচৰ পঞ্জীয়ন কৰে (Assam child marriage case list) ।
লগতে পঢ়ক: Child Marriage Crackdown: চাৰি সহস্ৰাধিক বাল্যবিবাহৰ গোচৰত ৩০১৫ জনক গ্ৰেপ্তাৰ; একাংশৰ আত্মসমৰ্পণ