নলবাৰী, 30 এপ্ৰিল : 24 ঘণ্টাত নলবাৰীত ক'ভিডত আক্ৰান্তৰ সংখ্যা 893 গৰাকীলৈ বৃদ্ধি পালে ৷ শুকুৰবাৰৰ দিনটোত নলবাৰীত ক'ভিড আক্ৰান্তৰ সংখ্যা হৈছে 139 গৰাকী ৷
![নলবাৰীত 893 গৰাকীলৈ বৃদ্ধি পালে ক'ভিডত আক্ৰান্ত সংখ্যা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-nlb-03-30apr-covid-update-as10004_30042021190821_3004f_1619789901_655.jpg)
জিলাখনৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি জিলাখনত বৰ্তমান মুঠ 780 গৰাকী ক'ভিড ৰোগী চিকিৎসাধীন হৈ আছে ৷ ইয়াৰে হোম আইচলেচনত থকা ক'ভিড ৰোগী সংখ্যা হৈছে 710 গৰাকী। নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 48 গৰাকী চিকিৎসাধীন হৈ থকাৰ কথা উল্লেখ কৰিছে জিলা স্বাস্থ্য বিভাগে ৷
লগতে পঢ়ক: প্ৰতিষেধক লোৱাৰ পিছতো ছিপাঝাৰত কৰ'ণাত মৃত্যু শিক্ষকৰ