ETV Bharat / state

Minor girl death: সৰ্পদংশনত শিশুৰ মৃত্যু সন্দৰ্ভত তদন্ত ঘোষণা NMCHৰ অধীক্ষকৰ

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 5:22 PM IST

নলবাৰীৰ ঈশানী কাশ্যাপৰ সৰ্পদংশনত মৃত্যুৰ পিছত অভিযোগ উঠা নলবাৰী মেডিকেল কলেজ হাস্পতালৰ স্পষ্টীকৰণ । হাস্পতালত এন্টিভেনাম থকা বুলি সদৰী কৰি চাফাই গালে অধীক্ষকে ।

Nalbari Medical College Hospital
নলবাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়

নলবাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়

নলবাৰী, ৬ অক্টোবৰ: যোৱা ৩ অক্টোবৰত নলবাৰী জিলাৰ তন্ত্ৰশংকৰা গাঁৱৰ ঈশানী কাশ্যপ নামৰ এটি নিশা ঘৰৰ পৰা বাহিৰলৈ ওলাই যাওঁতেই এডাল বিষাক্ত সাপে ঈশানীৰ ভৰিত মেৰিয়াই দংশন কৰে ৷ লগে লগে ঈশানীৰ চিঞৰ শুনি পিতৃয়ে সাপডাল ভৰিৰ পৰা এৰুৱাই দিয়ে যদিও ইতিমধ্যে বিষাক্ত সাপডালে দংশন কৰিছিল কণমানি ছাত্ৰীগৰাকীক ৷ ততাতৈয়াকৈ কণমানি ঈশানী কাশ্যাপক নলবাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও উপযুক্ত চিকিৎসাৰ অভাৱত শিশুটিৰ মৃত্য়ু হোৱা বুলি পৰিয়ালৰ লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰাত ইয়াকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । এই সন্দৰ্ভত শুক্ৰবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নলবাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ মাধৱ ৰাজবংশীয়ে ।

কালি নলবাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়খনত এন্টিভেনাম নথকাৰ অভিযোগ উত্থাপন কৰে শিশুটিৰ পৰিয়ালৰ লোকে । শিশুটিৰ পৰিয়ালৰ লোকে ঈশানীক এন্টিভেনাম নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হয় । কেৱল ইমানেই নহয়, নলবাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়খনত স্বাস্থ্য সেৱাৰ নামত কেৱল মাথো অট্টালিকাবোৰ নিৰ্মাণ কৰি থোৱাৰ বাদে আন কোনো সু-চিকিৎসা নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে । আজি সংবাদ মাধ্যমৰ আগত নলবাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়খনৰ অধীক্ষক ডাঃ মাধৱ ৰাজবংশীয়ে এনে অভিযোগ অস্বীকাৰ কৰি এন্টিভেনাম থকা বুলি সদৰী কৰে । তেওঁ কয় যে চিকিৎসালয়খনত এন্টিভেনাম মজুত আছে ।

এতিয়া ৰাইজৰ মাজত চৰ্চা হৈছে যে এন্টিভেনাম মজুত থকাৰ পিছতো মঙলবাৰে কণমানি ঈশানীক কিয় দিয়া নহ'ল ? কণমানি ঈশানীৰ মৃত্যুক কেন্দ্ৰ কৰি আজিও নলবাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়খনত অব্যাহত আছে চেপা উত্তেজনা ৷ ইতিমধ্যে কণমানি ঈশানীৰ মৃত্যু সন্দৰ্ভত নলবাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়খনৰ অধীক্ষক ঘোষণা কৰিছে তদন্ত ৷ আজি প্ৰতিবেদন দাখিলৰ আশ্বাসেৰে তিনিজনীয়া তদন্তকাৰী বিষয়াৰ দ্বাৰা তদন্ত কৰোৱাৰ আশ্বাস দিয়ে অধীক্ষক ডাঃ মাধৱ ৰাজবংশীয়ে ৷ দূৰ্ভাগ্যজনক ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অধীক্ষক ডাঃ মাধৱ ৰাজবংশীয়ে পৰ্যাপ্ত সুবিধা নথকাৰ বাবেই অসুবিধা হোৱা বুলিও যুক্তি দৰ্শায় । এতিয়াও ভেন্টিলেটৰ নাই চিকিৎসালয়খনত । ফলত সংকটজনক ৰোগীক চিকিৎসা কৰিব পৰা নাযায় বুলিও তেওঁ কয় ।

ইপিনে,ঈশানীৰ পৰিয়ালে অভিযোগ উত্থাপন কৰা অনুসৰি শিশুটিক যথাসময়ত দিয়া হোৱা নাছিল এন্টিভেনাম বেজী ৷ সেইবাবে পৰৱৰ্তী সময়ত ঈশানীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হোৱাত ৪ অক্টোবৰত পৰিয়ালৰ লোকে ঈশানীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰাইছিল যদিও সেই নিশাই চিকিৎসালয়তে শিশুটিয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷

লগতে পঢ়ক:Minor girl death: সৰ্পদংশনত কণমানিৰ মৃত্যু, কলৰ ভুৰত উটুৱালে মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.