ETV Bharat / state

ঘগ্ৰাপাৰৰ পুখুৰীত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

author img

By

Published : May 11, 2022, 10:52 AM IST

নলবাৰীত সংঘটিত হৈছে এক হৃদয় বিদাৰক কাণ্ড ৷ মঙলবাৰে নিশা নলবাৰীৰ ঘগ্ৰাপাৰৰ এটা পুখুৰীত উদ্ধাৰ হৈছে নৱজাতকৰ মৃতদেহ (Body of newborn baby recovered in Nalbari) । নিশাৰ ভাগতে ঘগ্ৰাপাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পুখুৰীৰ পৰা উদ্ধাৰ কৰে নৱজাতকটিৰ মৃতদেহটো ৷ ঘটনা সন্দৰ্ভত অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷

Body of newborn baby recovered in Nalbari
ঘগ্ৰাপাৰৰ এটা পুখুৰীত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

নলবাৰী, 11 মে' : নলবাৰীত পোহৰলৈ আহিছে জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট মানসিকতাৰ প্ৰতিফলন ৷ মঙলবাৰে নিশা জিলাখনৰ ঘগ্ৰাপাৰত উদ্ধাৰ হয় এটি নৱজাতকৰ মৃতদেহ (Body of newborn baby recovered in Nalbari) ৷ এটা পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় অৰ্ধগলিত নৱজাতকৰ মৃতদেহটো ।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ তথ্য অনুসৰি, প্ৰথমে স্থানীয় ৰাইজে পানীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে নৱজাতকৰ মৃতদেহটো ৷ তাৰ পাচতেই খবৰ দিয়া হয় আৰক্ষীক ৷ খবৰ পোৱাৰ মাত্ৰেই ঘটনাস্থলীত উপস্থিত হয় ঘগ্ৰাপাৰ আৰক্ষীৰ এটা দল ৷ তাৰ পাচতেই আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰে নৱজাতকটিৰ মৃতদেহটো (Police recovered dead body of newborn baby) ৷

উল্লেখ্য যে, বাতৰি যুগুত কৰা পৰলৈকে নৱজাতকটিৰ মৃতদেহটো কোনে, কি কাৰণত পেলাই থৈ গ’ল, সেয়া স্পষ্ট হোৱা নাই । ইফালে আৰক্ষীয়েও এই ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এক তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে ৷

লগতে পঢ়ক : কঠাল পুখুৰী ৰে’ল ষ্টেচনৰ সমীপত উদ্ধাৰ ছমহীয়া শিশুৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.