ETV Bharat / state

ৰাজ্যজুৰি নেছ’ৰ উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

কেবৰ বিৰোধিতাৰে নেছ’ই আহ্বান জনোৱা উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ প্ৰভাৱ ৰাজ্যৰ বিভিন্ন স্থানত পৰা পৰিলক্ষিত হয়,শিৱসাগৰৰ আমগুৰি,নামতি,জাঁজী আদি এলেকাতো এই প্ৰভাৱ পৰা দেখা যায়,নলবাৰীতো ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদকাৰীসকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে,বন্ধৰ প্ৰভাৱত বৰপেটাত অচল হৈ পৰিছে সকলো প্ৰকাৰৰ যান-বাহনৰ চলাচল,ডুমডুমাৰ ব্যৱসায়িক সন্থাই বন্ধৰ প্ৰতি স্বতঃস্ফুৰ্ত সঁহাৰি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰখা দেখা যায় ৷

author img

By

Published : Dec 10, 2019, 1:19 PM IST

বন্ধৰ প্ৰভাৱত অচল হৈ পৰিছে সকলো প্ৰকাৰৰ যান-বাহনৰ চলাচল
ৰাজ্যজুৰি নেছ’ৰ উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

নিউজ ডেস্ক, ১০ ডিচেম্বৰঃ ৰাজ্যৰ বিভিন্ন স্থানত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে নেছ’ আহ্বান জনোৱা উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয় ৷ শিৱসাগৰৰ আমগুৰি,নামতি,জাঁজী আদি এলেকাতো এই প্ৰভাৱ পৰা দেখা যায় ৷ ইফালে বন্ধৰ সমৰ্থনত নামতিত ৰাজপথলৈ ওলাই আহিল ছাত্ৰ সন্থাৰ সদস্যৰ লগতে একাংশ বন্ধ সমৰ্থক। বন্ধ সমৰ্থকসকলে নামতিৰ ধোদৰ আলিত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। তদুপৰি প্ৰধানমন্ত্ৰী মোডী হায় হায়,গৃহমন্ত্ৰী অমিত শ্বাহ গ’বেক,কেব আমি নামানো,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে সমৰ্থকসকলে। বন্ধৰ সময়ছোৱাত জাঁজীৰ ৩৭ নং ঘাইপথ,আমগুৰিৰ ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ধোদৰ আলিত যান-বাহনৰ চলাচল প্ৰায় স্তব্ধ হৈ পৰে ।

নলবাৰীঃ নলবাৰীতো নেছ’ আৰু সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক হোৱা দেখা যায় । জিলাখনৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদকাৰীসকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰে প্ৰতিবাদকাৰী দলটোক। আনহাতে, নিশাৰ ভাগত চহৰখনৰ হৰিমন্দিৰ,জৈন মন্দিৰকে ধৰি বিভিন্ন স্থানত দেখা পোৱা গ’ল ‘ন’ কেব’ শীৰ্ষক শ্ল'গান ৷ ইফালে নলবাৰীৰ মাজমজিয়াত থকা টাউন মণ্ডলৰ বিজেপি কাৰ্যালয়ত কোনোবাই লিখি থৈ যায় ন’ কেব ৷ তদুপৰি অমিত শ্বাহ,সৰ্বানন্দ সোণোৱালৰ ফটো সম্বলিত বেনাৰৰ ওপৰতো কোনোবাই ন’ কেব লিখি থৈ যোৱা পৰিলক্ষিত হয় ৷ আনহাতে প্ৰতিবাদৰ নামত একাংশ আছু কৰ্মীয়ে বাহনসমূহ ভাঙি উদ্ভণ্ডালিৰ পৰিচয় দিয়ে ৷

নলবাৰীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ প্ৰতিবাদকাৰীৰ

বৰপেটাঃ উত্তৰ-পূৰ্বাঞ্চল ছাত্র সন্থা চমুকৈ নেছ’ই আহ্বান জনোৱা উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে বৰপেটাত । চহৰখনৰ মাজমজিয়াৰ পাঁচআলি চ'ক,বৰপেটা-বাঘবৰ পথৰ শ্বহীদ ভৱনকে ধৰি বিভিন্ন স্থানত টায়াৰ জ্বলাই বন্ধ সফল কৰাৰ চেষ্টা কৰে একাংশ আছুকৰ্মীয়ে ৷ ইফালে বন্ধৰ প্ৰভাৱত অচল হৈ পৰিছে সকলো প্ৰকাৰৰ যান-বাহনৰ চলাচল ৷ লগতে স্তব্ধ হৈ পৰিছে স্বাভাৱিক জনজীৱন ৷ তদুপৰি আছুকৰ্মীসকলে কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ’ব বুলি চৰকাৰক হুংকাৰ প্ৰদান কৰে ৷

বৰপেটাত আছুকৰ্মীয়ে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে

ডুমডুমাঃ ডুমডুমাত মঙলবাৰে উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয় ৷ বন্ধ সমৰ্থকসকলে পুৱাৰ ভাগত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথলৈ আহি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে । ডুমডুমাৰ ব্যৱসায়িক সন্থাই বন্ধৰ প্ৰতি স্বতঃস্ফুৰ্ত সঁহাৰি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰখা দেখা যায় ৷

ডুমডুমাত মঙলবাৰে উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

লগতে চাওকঃসংসদত CAB ৰ বিৰুদ্ধে বলিষ্ঠ কণ্ঠ গৌৰৱ গগৈৰ

Intro:Body:আমগুৰি, ১০ ডিচেম্বৰ:

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাই জনোৱা অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে আমগুৰি, নামতি, জাঁজীত ।

বন্ধৰ সমৰ্থনত নামতিত ৰাজপথলৈ ওলাই আহিল ছাত্ৰ সন্থাৰ লগতে বন্ধৰ সমৰ্থক । বন্ধৰ সমৰ্থক সকলে নামতিৰ ধোদৰ আলিত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। বন্ধৰ সময়ছোৱাত জাঁজীৰ ৩৭ নং ঘাইপথ, আমগুৰিৰ ৬১ নং ৰাষ্ট্ৰীয় ঘাই পথ আৰু ধোদৰ আলিত যান বাহনৰ চলাচল প্ৰায় বন্ধ হৈ আছে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হায় হায়,গৃহ মন্ত্ৰী অমৃত শ্বাহ গ' বেক, কেব আমি নামানো, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাৰ্ব্যস্ত কৰে বন্ধৰ সমৰ্থকসকলে।

সমীৰণ দুৱৰা আমগুৰিConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.